শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰী, পুঞ্চ আৰু জম্মু জিলাত পাকিস্তানৰ গোলাবৰ্ষণত এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসহ ৫জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই তথ্য প্ৰদান কৰিছে বিষয়াসকলে। ৰাজৌৰীৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপা আৰু তেওঁৰ দুজন কৰ্মচাৰী নগৰখনৰ থাপাৰ ঘৰত গুলী পৰি গুৰুতৰভাৱে আহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁ কয় যে, চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়, তাতেই থাপাৰ মৃত্যু হয়।
