গুজৰাটৰ কাচ্চত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কমেও ৬খনকৈ পাকিস্তানী আত্মঘাতী ড্ৰ’ন প্ৰত্যক্ষ কৰি ধ্বংস কৰে। প্ৰাপ্ত তথ্য অনুসৰি নলিয়া বায়ুসেনা ষ্টেচনৰ পৰা ৪খন আত্মঘাতী ড্ৰ’ন আৰু ভূজস্থিত আই এ এফৰ ঘাটিৰ পৰা দুখন ড্ৰ’ন ধ্বংস কৰে ভাৰতীয় সেনাই।ইয়াৰোপৰি আজি পুৱা প্ৰায় ৫ বজাত পঞ্জাৱৰ অমৃতসৰৰ খাছা সেনা শিবিৰৰ ওপৰতো কেইবাটাও সশস্ত্ৰ ড্ৰ’ন ধ্বংস কৰিছে বায়ু প্ৰতিৰক্ষা ইউনিটে।
