১০,০০০ ভাৰতীয় নিৰ্মাণ শ্ৰমিক আৰু ৫,০০০ যতন লোৱা লোকক নিযুক্তি দিব ইজৰাইলে

102

নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দক্ষতাৰ অভাৱ দূৰ কৰিবলৈ ইজৰাইলে ভাৰতৰ ১০,০০০ নিৰ্মাণ খণ্ডৰ লোক আৰু ৫,০০০ সেৱা-যত্ন খণ্ডৰ লোকক নিয়োজনৰ বাবে বৃহৎ নিয়োগ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। এই বছৰৰ আৰম্ভণিতে নিযুক্তিৰ পদক্ষেপ হাতত লোৱা এই অভিযানৰ ধাৰাবাহিকতা ৰক্ষা কৰি নতুনকৈ সহস্ৰাধিক লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হ’ব।  জনসংখ্যা, পাৰপত্ৰ আৰু সীমান্ত কৰ্তৃপক্ষ(পিআইবিএ)ই নিৰ্মাণ ক্ষেত্ৰৰ বাবে নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ ৰূপৰেখা দাঙি ধৰিছে, য’ত আছে ফ্ৰেমৱৰ্ক, আইৰন বেণ্ডিং, প্লাষ্টাৰিং, আৰু চিৰামিক টাইলিং ইত্যাদি। পিআইবিএৰ এটা দলে অহা সপ্তাহত দক্ষতা পৰীক্ষাৰ বিভিন্ন দিশসমূহ পৰিচালনা কৰিবলৈ আৰু নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰা প্ৰাৰ্থীসকলক বাছনি কৰিবলৈ ভাৰত ভ্ৰমণ কৰিব। নিৰ্মাণ শ্ৰমিকসকলক নিৰ্বাচিত কৰিবলৈ মহাৰাষ্ট্ৰত আয়োজন কৰা হ’ব নিয়োগ অভিযানৰ।

ইয়াৰ লগতে, ইজৰাইলে স্বাস্থ্যসেৱাৰ মান বৃদ্ধিৰ বাবে ৫,০০০ সেৱা-যত্ন লোৱা লোক বিচাৰিছে। এই প্ৰাৰ্থীসকলে অন্ততঃ দশম মান সম্পূৰ্ণ কৰিব লাগিব আৰু ৯৯০ ঘণ্টাৰ চাকৰিৰ সময়ত প্ৰশিক্ষণকে ধৰি নিৰ্দিষ্ট ক্ষেত্ৰখনৰ বাবে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় প্ৰতিষ্ঠানৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। পূৰ্বৰ পৰ্যায়ত ১৬,৮৩২ গৰাকী পৰীক্ষাৰ্থীয়ে দক্ষতা পৰীক্ষা কৰিছিল, ইয়াৰ ভিতৰত ১০,৩৪৯ গৰাকীক নিৰ্বাচিত কৰা হৈছিল। এই লোকসকলে প্ৰতিমাহে ১.৯২ লাখ টকাৰ দৰমহাৰ লগতে চিকিৎসা বীমা, খাদ্য, থকাৰ ব্যৱস্থা আৰু মাহিলী ১৬,৫১৫ টকাৰ বানচ লাভ কৰিব। ২০২৩ চনৰ নৱেম্বৰ মাহত স্বাক্ষৰিত দুয়োখন চৰকাৰৰ চুক্তি স্বাক্ষৰৰ পিছত ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)-এ এই নিযুক্তিৰ সুবিধাৰ বাবে বিভিন্ন ৰাজ্যৰ সৈতে যোগাযোগ কৰিছে। এই পদক্ষেপৰ প্ৰথম পৰ্যায়ত উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু তেলেংগানাৰ দক্ষ লোকক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছিল।

এই নিয়োগ পদক্ষেপ ভাৰত এক গ্লবেল স্কিল হাব হোৱাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে, এনএছডিচিয়ে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সহযোগত প্ৰশিক্ষণ আৰু সামৰ্থ্য নিৰ্মাণৰ প্ৰচেষ্টাৰ নেতৃত্ব প্ৰদান কৰি আহিছে। এই নিয়োগ অভিযানে অসমতো ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে, কিয়নো স্থানীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কৰ্মসংস্থাপন প্ৰদান কৰা সংস্থাসমূহে দক্ষ প্ৰাৰ্থীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সাজু হৈছে। সুযোগৰ এই নতুন প্ৰবাহে স্থানীয় অৰ্থনীতিক উৎসাহিত কৰাৰ লগতে অঞ্চলটোত দক্ষতা বিকাশৰ পদক্ষেপসমূহো বৃদ্ধি কৰিব।