বুধবাৰৰ ভিতৰত ইৰানৰ সৈতে বৃহৎ চুক্তিত উপনীত নহ’লে ইৰানত পুনৰ বোমা বিস্ফোৰণ কৰা হ’ব বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সাংবাদিকসকলে ড’নাল্ড ট্ৰাম্পক প্ৰশ্ন কৰে যে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰিব নেকি? ট্ৰাম্পে উত্তৰত কয়-মই হয়তো ইয়াক বৃদ্ধি নকৰো।
কিন্তু অৱৰোধ অব্যাহত থাকিব। দুৰ্ভাগ্যজনকভাৱে আমি পুনৰ বোমা বিস্ফোৰণ আৰম্ভ কৰিব লাগিব। ড’নাল্ড ট্ৰাম্পে।এই মন্তব্য এনে সময়ত কৰিছে যি সময়ত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা অধিক হৈ আছে।
ড’নাল্ড ট্ৰাম্পে লগতে কয়-তেওঁ আজি বহুত ভাল খবৰ পাইছে। মধ্যপ্ৰাচ্যত ইৰানৰ সৈতে পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে। মন কৰিবলগীয়া যে প্ৰথম ৰাউণ্ডৰ আলোচনা পাকিস্তানৰ ইছলামাবাদত হৈছিল যদিও কোনো চুক্তি স্বাক্ষৰ হোৱা নাছিল।
