ইৰানী সেনাই হৰমুজ জল প্ৰণালী পুনৰ বন্ধ কৰাৰ ঘোষণা কৰিছে। দেশখনৰ কেইবাটাও সংবাদ মাধ্যমে আই আৰ জি চিৰ এক বিবৃতিৰ উদ্ধৃতি দি কয় যে হৰমুজ প্ৰণালী পুনৰ পূৰ্বৰ মৰ্যাদালৈ ঘূৰি আহিব, আৰু সশস্ত্ৰ বাহিনীয়ে অঞ্চলটো নিয়ন্ত্ৰণ কৰিব। এই খবৰটো ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছৰ সৈতে জড়িত ফাৰ্চ নিউজ এজেন্সী, ইৰানৰ ষ্টুডেণ্টছ নিউজ এজেন্সী আৰু ৰাজ্যিক সম্প্ৰচাৰক আই আৰ আই বিয়ে প্ৰকাশ কৰিছে।
এই সংস্থাসমূহে কয় যে আমি পূৰ্বে এই জলপথৰ মাজেৰে কিছুমান জাহাজ পাৰ হোৱা পৰ্যবেক্ষণ কৰিছিলো, কিন্তু এই গুৰুত্বপূৰ্ণ জাহাজ পথৰ মাজেৰে কিমান জাহাজ পাৰ হৈছে সেয়া স্পষ্ট নহয়। আই আৰ জি চিৰ বিবৃতিত আমেৰিকাক ডকাইতি কৰি থকাৰো অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে ইয়াৰ তথাকথিত অৱৰোধ ডকাইতৰ সমান। ইৰানে ইয়াৰ পূৰ্বে উল্লেখ কৰিছিল যে যদিহে আমেৰিকাই নিজৰ বন্দৰসমূহত অৱৰোধ অব্যাহত ৰাখে তেন্তে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হ’ব।
শুকুৰবাৰে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে ইনষ্টাগ্ৰামত এটা পোষ্টযোগে কয় যে যুদ্ধবিৰতিৰ বাকী সময়ছোৱাত সকলো বাণিজ্যিক জাহাজৰ বাবে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰা হৈছে। ইয়াৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইটাৰত এটা পোষ্ট যোগে ইৰানক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ধন্যবাদ জনায়। অৱশ্যে মাত্ৰ কেইমিনিটমানৰ পিছতে তেওঁ আন এটা পোষ্ট পোষ্ট কৰি কয় যে হৰমুজত আমেৰিকাৰ অৱৰোধ অব্যাহত থাকিব।
