IPL:দিল্লী কেপিটেলছৰ হাতত শোচনীয় পৰাজয় চেন্নাই চুপাৰ কিংগছৰ

88

ডিজিটেল ডেস্কঃ একেৰাহে দ্বিতীয়খন খেলত পৰাস্ত হ’ল চেন্নাই চুপাৰ কিংগছ। ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত হৈছিল দিল্লী কেপিটেলছ আৰু চেন্নাই চুপাৰ কিংগছৰ মাজৰ খেলখন। খেলখনত টছত জিকি দিল্লী কেপিটেলছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় চিএছকে-য়ে।

বেটিং কৰিবলৈ আহি পৃথ্বি শ্ব’ৰ দৰ্শনীয় অৰ্ধশতকটোৰে নিৰ্ধাৰিত অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ডিচি-য়ে। ডিচিৰ হৈ শিখৰ ধাৱানে ৩৫ ৰান, ৰিষভ পণ্টে ৩৭ ৰান আৰু অধিনায়ক শ্ৰেয়ছ আয়াৰে ২৬ ৰান সংগ্ৰহ কৰে। ইফালে বিশ্বৰ ভিতৰতে অন্যতম সফল অধিনায়ক হিচাপে পৰিচিত এমএছ ধোনীৰ নেতৃত্বত ক্ৰিজত নামি চিএছকে লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয়। এটাৰ এটাকৈ উইকেট পতনে চিএছকেক বিপাঙত পেলায় আৰু অৱশেষত ৪৪ ৰানত পৰাজয় বৰণ কৰিবলগা হয় অভিজ্ঞ খেলুৱৈৰ দলটোৱে।

চিএছকেৰ হৈ সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে ফাফ ডুপ্লেছিছে। তাৰ বাহিৰে খেলখনত অন্য খেলুৱৈসকল ব্যৰ্থ হয়। অধিনায়ক ধোনীয়েও মাত্ৰ ১৫ ৰান কৰিয়েই পেভিলিয়নমুখী হয়। যাৰ পৰিণতিত নিৰ্দিষ্ট অভাৰত মাত্ৰ ১৩৭ ৰানতে থমকি ৰয় চিএছকে। আনহাতে দিল্লী কেপিটেলছৰ এয়া দ্বিতীয়খন জয়। দলটোৰ এই জয়ে খেলুৱৈসকলক অধিক মনোবল প্ৰদান কৰিছে।