বহুমুখী প্ৰতিভাধৰ ১৫ বছৰীয়া কিশোৰী মোক্ষদা চৌধুৰীয়ে নিজৰ প্ৰতিভা-সাধনাৰে দৃষ্টান্তমূলক খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। সামৰিক বাহিনীৰ এটা পৰিয়ালৰ সন্তান মোক্ষদা, দেউতাকে ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল। বৰ্তমান মোক্ষদাই ডিপিএছ স্কুলত একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে। ক্ৰীড়া, সাহিত্য, সংগীত, সামাজিক কাম-কাজ, অৰ্থনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত দক্ষতাই প্ৰমাণ কৰে মোক্ষদাৰ সাফল্য।
ক্ৰীড়া ক্ষেত্ৰত মোক্ষদাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেন্সিং খেলুৱৈ হিচাপে নিজৰ প্ৰতিভাৰ উমান দিছে, ইতিমধ্যে এছিয়ান গেমছৰ বাবে প্ৰয়োজনীয় ৰিজাৰ্ভ নং ১ স্থান দখল কৰিছে। খেলো এমপি নেচনেল গেমছ ২০২৩ত ব্যক্তিগত চাব্ৰে শাখাত দখল কৰা ৰূপৰ পদকে নিষ্ঠা আৰু দক্ষতাক সূচাইছে।
ক্ৰীড়া ক্ষেত্ৰৰ লগতে মোক্ষদা এগৰাকী দক্ষ লেখিকা আৰু কবিও, ইতিমধ্যে প্ৰকাশ হৈছে ৪খন গ্ৰন্থ, যাৰ ভিতৰত প্ৰথমখন গ্ৰন্থ ‘দ্য মিউজিংছ অফ চিমেৰা’ ঐতিহ্যমণ্ডিত সাহিত্য উৎসৱ, গ্ৰন্থমেলাত প্ৰদৰ্শিত হৈছে। মোক্ষদাৰ সাহিত্যিক যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন অনুষ্ঠান পৰিৱেশন হৈছিল, য’ত এগৰাকী শাস্ত্ৰীয় কণ্ঠশিল্পী হিচাপে আমন্ত্ৰিত হৈ আহিছে মোক্ষদাই।
একাদশ শ্ৰেণীত অৰ্থনীতি বিষয়ত অধ্যয়ন কৰি মোক্ষদাই নিজৰ বিশ্লেষণাত্মক দক্ষতা-দৃষ্টিভংগীক অৰ্থনৈতিক প্ৰবন্ধলৈ ৰূপান্তৰ কৰি প্ৰকাশ কৰিছে, তথ্যসমৃদ্ধ বাৰ্তাসমূহ অগ্ৰণী বাতৰি কাকতত প্ৰকাশিত হোৱাৰ লগতে অৰ্থনৈতিক বিষয়ৰ সমৃদ্ধ বক্তৃতাৰ সময়তো সহায়ক হৈছে। বিভিন্ন মানৱদৰদী প্ৰচেষ্টাসমূহৰ ভিতৰত আছে নিজৰ এনজিঅ’, ‘দ্য কেয়াৰ টেকাৰছ ছ’চায়িটী’ৰ জৰিয়তে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে অনুষ্ঠান আয়োজন কৰা, সমাজ সেৱাত সক্ৰিয়ভাৱে জড়িত কৰোৱা ইত্যাদি।
মোক্ষদাৰ পদক্ষেপসমূহে ‘ফেন্স দ্য ফিউচাৰ’ৰ দৰে প্ৰকল্পৰ জৰিয়তে পিছপৰা আৰু দৰিদ্ৰ পৰিয়ালৰ শিশুক অনুপ্ৰাণিত কৰিবলৈ বিস্তৃত, সামগ্ৰিক কল্যাণৰ বাবে খেলত অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে। মোক্ষদাৰ সামাজিক কামৰ প্ৰতি নিজৰ দায়বদ্ধতা অৰ্থনৈতিক গৱেষণাত আৰু অধিক স্পষ্ট, ইতিমধ্যে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ লগে লগে অৰ্থনৈতিক প্ৰভাৱ সন্দৰ্ভত এখন গৱেষণা পত্ৰ লিখিছিল, যিখন দ্য ডেম’ক্ৰেটিক মিৰ’ৰত প্ৰকাশ পাইছিল।
বিদ্যালয়ত কৰ্মশালাৰ আয়োজন কৰি মোক্ষদাই নিজৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি সকলোৰে সমুখত শ্বেয়াৰ কৰিছে আৰু ক্ৰীড়া, সময় ব্যৱস্থাপনা আৰু শিক্ষাৰ্থীসকলৰ জীৱনত ভাৰসাম্যৰ গুৰুত্বৰ বিষয়ে ইতিবাচক বাৰ্তা আগবঢ়াই আহিছে। পুনেৰ মাৰ্গাৰিটা স্কুল পৰিদৰ্শন কৰি জ্ঞান ভাগ-বতৰা, আমোদজনক কাৰ্য-কলাপ আৰু বাৰ্ষিক দিনৰ প্ৰস্তুতিৰ সময়ত নিজৰ অৱদানৰ জৰিয়তে দৰিদ্ৰ শিশুৰ সৈতে সময় কটাই এক হৃদয়স্পৰ্শী ক্ষণৰ সাক্ষী হৈ ৰৈছিল।
মোক্ষদা চৌধুৰীৰ এই যাত্ৰাই একেলগে আবেগ, প্ৰতিভা আৰু দায়বদ্ধতা সকলোৰে সমুখত উজলাই তুলি বিভিন্ন ক্ষেত্ৰৰ বহু মানুহক অনুপ্ৰাণিত কৰিছে। নিজৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখি উচ্চাকাংক্ষী বহু যুৱক-যুৱতীৰ বাবে এক পথ প্ৰদৰ্শক হৈ সকলোৰে সমুখত ধৰা দিছে।