নিউজিলেণ্ডত ফুৰিবলৈ গৈ সলিল সমাধি ঘটিল এজন ভাৰতীয় মূলৰ মেধাৱী ছাত্ৰৰ। হ্ৰদৰ পানীত ডুবি অকাল মৃত্যুক সাৱটি লয় ২১ বছৰীয়া শৌৰ্য নামৰ যুৱকজনে। অকল্যান্ড বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক শাখাৰ এই ছাত্ৰজন আছিল মুম্বাইৰ বাসিন্দা। বন্ধু-বৰ্গৰ সৈতে ইষ্টাৰৰ ছুটী কটাবলৈ তেওঁ গৈছিল নিউজিলেণ্ডৰ লেক টাউপ’লৈ।
প্ৰত্যক্ষদৰ্শীৰ মতে দেওবাৰে বিয়লি প্ৰায় ৩:২০ বজাত লেক টাউপ’ৰ আকচিয়া বে’ৰ হোৱাকামোয়েংগা পইণ্টত এই দুৰ্ঘটনা সংঘটিত হয়। পানীত ডুবি থকা অৱস্থাত সংজ্ঞাহীন শৌৰ্যক উদ্ধাৰ কৰে জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে। আৰক্ষীয়ে জনোৱা মতে ঘটনাস্থলীত উপস্থিত থকা স্বাস্থ্যকৰ্মীসকলে তেওঁক বচাবলৈ আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ ৰক্ষা নহ’ল। চিকিৎসকে শৌৰ্যক মৃত ঘোষণা কৰাৰ পাছত আৰক্ষীয়ে সমগ্ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
মুম্বাইত থকা শৌৰ্যৰ পৰিয়ালৰ মাজত এতিয়া শোকৰ ছাঁ পৰিছে। ইষ্টাৰৰ আনন্দৰ মাজতে অহা এই খবৰে তেওঁলোকক স্তব্ধ কৰি তুলিছে। পৰিয়ালৰ বন্ধুসকলে সংবাদ মাধ্যমক জনোৱা মতে শৌৰ্যৰ নশ্বৰ দেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে বৰ্তমান প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ চৰকাৰী সহায়ৰ অনুৰোধ জনাইছে পৰিয়ালে।
