নেপালৰ চিটৱানত ভাৰতৰ পুঁজিৰে নিৰ্মিত সামূহিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন

370

ভাৰতৰ আৰ্থিক সাহায্যৰে নেপালৰ চিটৱানত নিৰ্মাণ কৰা সামূহিক উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বৰ প্ৰমাণস্বৰূপে এপ্ৰন ধুংগ্ৰে খোলা নদী প্ৰশিক্ষণ প্ৰকল্প শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। কাঠমাণ্ডুৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব অবিনাশ কুমাৰ সিঙে আনুষ্ঠানিকভাৱে মুকলি কৰে এই প্ৰকল্পৰ।

‘নেপাল-ভাৰত উন্নয়ন সহযোগিতা’ৰ অধীনত নিৰ্মিত এই প্ৰকল্পটোৰ বাবে ৩.৬৭ কোটি নেপালী টকা ধাৰ্য কৰা হৈছিল। চিটৱানৰ খৈৰাহানী পৌৰসভাৰ অধীনস্থ এলেকাত অৱস্থিত এই প্ৰকল্পটো অবিনাশ কুমাৰ সিং আৰু খৈৰাহানী পৌৰসভাৰ মেয়ৰ শশী কুমাৰে যুটীয়াভাৱে উদ্বোধন কৰাৰ লগে লগে ভাৰত আৰু নেপাল চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ইতিবাচক ৰূপ আকৌ এবাৰ প্ৰস্ফূটিত হ’ল।

হাই ইম্পেক্ট কমিউনিটী ডেভেলপমেণ্ট প্ৰজেক্ট(এইছআইচিডিপি)ৰ অংশৰূপে শ্ৰেণীভুক্ত এই পদক্ষেপে চুবুৰীয়া দেশৰ সৈতে ভাৰতে ভাগ-বতৰা কৰা শক্তিশালী উন্নয়নী অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰিছে। খৈৰাহানীৰ মেয়ৰ শশী কুমাৰে ভাৰত চৰকাৰে আগবঢ়োৱা অদম্য সমৰ্থনৰ প্ৰশংসা কৰি অগ্ৰাধিকাৰ প্ৰদান কৰা এনে পদক্ষেপসমূহৰ মাজেৰে নেপালৰ সাধাৰণ লোকসকলৰ জীৱন উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। ভাৰত চৰকাৰে পুঁজি যোগান ধৰা এই প্ৰকল্পটোৱে চিটৱানত নদী প্ৰশিক্ষণ কাৰ্য-কলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কৃষিভূমিৰ খহনীয়া ৰোধ আৰু বানপানী প্ৰশমনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মোকাবিলা কৰে। এই পদক্ষেপৰ প্ৰধান লক্ষ্য হৈছে প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে বহনক্ষমতা বৃদ্ধি কৰা আৰু অঞ্চলটোত আৰ্থ-সামাজিক উন্নয়নৰ ভেঁটি সুদৃঢ় কৰা।