বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

232

বহৰি বজাৰত নতুনকৈ নির্মাণ কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ মন্দিৰটো বহৰি ৰিজাৰ্ভ গাৱৰ সমাজ সেৱক গোপাল সাহাই শুভ উদ্বোধন কৰে। সমাজ সেৱক গোপাল সাহাই মন্দিৰৰ দ্বাৰ উদ্ঘাটনৰ জৰিয়তে শ্ৰী শ্ৰী শনি মহাৰাজদেৱৰ মন্দিৰ উদ্বোধন আৰু গৃহ প্রবেশ অনুষ্ঠান মুকলি কৰে । এনে ধৰ্মীয় অনুষ্ঠান সমুহেই সমাজখনক একত্রিত কৰি ৰাখিছে । প্ৰায় চাৰি দশক পূৰ্বেই প্ৰতিষ্ঠা কৰা মন্দিৰটোৰ ঠাইত নতুনকৈ সুদৃশ্য ভাৱে নিৰ্মাণ কৰা নতুন মন্দিৰটো নিৰ্মাণ হৈ উঠাৰ ফলত ভক্তসকলে শনিদেৱৰ পূজা অৰ্চনা কৰাত সহায়ক হব।

মন্দিৰটো সুদৃশ্য ভাৱে নিৰ্মাণ কৰি তোলাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজকো তেওঁ ধন্যবাদ জনায়। আনহাতে মন্দিৰটোৰ যিকোনো সমস্যা সম্পৰ্কে তেওক অবগত কৰিবলৈকো তেওঁ মন্দিৰ পৰিচালন সমিতিৰ প্ৰতি আহ্বান জনায় । মন্দিৰৰ দ্বাৰ উদ্ঘাটনৰ পূর্বে মন্দিৰ চৌহদত বহৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি কিৰণ মেধি, উপ সভাপতি সোমনাথ তালুকদাৰ আৰু বহৰি ৰিজাৰ্ভ শশ্মান পৰিচালনা সমিতিৰ সভাপতি স্বপন বসাকে গছপুলি ৰোপন কৰে।

মন্দিৰৰ দ্বাৰ উদ্ঘাটন অনুষ্ঠানৰ পূৰ্বে গোমাফুলবাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বনশ্রী শইকীয়া, আৰু বৰপেটা জিলা অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ প্ৰানজিৎ ৰয়ে বন্তি প্ৰজ্বলন কৰে। মন্দিৰৰ দ্বাৰ উদ্ঘাটন উপলক্ষে বিষ্ণু পূজা আৰু নাম প্ৰসংগ অনুষ্ঠিত হোৱৰৰ লগতে প্ৰসাদ বিতৰণ কৰা হয় ।