ৰাজ্যৰ আটাইতকৈ দুৰ্গম আৰু অনগ্ৰসৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি তথা জনসেৱা উন্নত কৰাৰ লক্ষ্যৰে শুকুৰবাৰে শদিয়াত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিনজোৰা কাৰ্যসূচীৰে শদিয়া ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। বিশেষকৈ বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ থকা চৰ অঞ্চল আৰু সীমান্তৱৰ্তী এলেকাসমূহৰ সৰ্বাংগীণ বিকাশৰ ওপৰত এই ভ্ৰমণকালত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ আৰম্ভণিতে অত্যন্ত দুৰ্গম চৰ অঞ্চল অমৰপুৰত উপস্থিত হৈ স্থানীয় বাসিন্দাসকলৰ মাজত ভূমি পট্টা বিতৰণ কৰে। ইয়াৰোপৰি অমৰপুৰ চৰ অঞ্চলৰ বৈদ্যুতিকৰণৰ বাবে এটা ১১ কেভি বিদ্যুৎ লাইনৰ উদ্বোধন কৰি অঞ্চলটোৰ অন্ধকাৰ দূৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ হেলিকপ্টাৰযোগে অসম-অৰুণাচল সীমান্তৰ অনগ্ৰসৰ আম্বিকাপুৰলৈ ৰাওনা হয়।
আম্বিকাপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে প্ৰায় ২৫৮ কোটি টকা ব্যয়েৰে ৩৩১ বিঘা ভূমিত নিৰ্মাণ কৰা অসম আৰক্ষীৰ ষষ্ঠ কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰে। এই অত্যাধুনিক কেন্দ্ৰটোত ৪০০ গৰাকী কমাণ্ডো জোৱান থকাৰ ব্যৱস্থা আছে আৰু ইয়াৰ ভিতৰতে প্ৰশিক্ষণ কেন্দ্ৰ, চিকিৎসালয়, প্ৰাথমিক বিদ্যালয়, নামঘৰ আৰু ক্ৰীড়াংগনৰ দৰে সা-সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুষ্ঠানে শদিয়াৰ দৰে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
এই ভ্ৰমণকালতে মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিৰে চপাখোৱা হাস্পতাল চাৰিআলিৰ পৰা প্ৰয়াত লোকশিল্পী ৰাজীৱ শদিয়াৰ গাঁও টুপছিঙালৈ সংযোগ কৰা প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন আৰ চি চি দলঙৰো শুভ উদ্বোধন কৰে। ইয়াৰোপৰি তেওঁ কাকপথাৰত ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বহুমুখী ইনড’ৰ ষ্টেডিয়াম, বীৰ লাচিত ষ্টেডিয়াম কমপ্লেক্সৰ উন্নয়নমূলক কাম আৰু ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি তথা উদ্যানৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “এই প্ৰকল্পসমূহে চৰকাৰৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিফলিত কৰিছে।”
তেওঁ লগতে কয়, “দশক দশক ধৰি অৱহেলিত হৈ থকা সীমান্ত আৰু ভিতৰুৱা অঞ্চলসমূহৰ যাতায়ত, নিৰাপত্তা, শিক্ষা আৰু বিদ্যুৎ আন্তঃগাঁথনি উন্নত কৰাটোৱেই আমাৰ চৰকাৰৰ মুখ্য অগ্ৰাধিকাৰ।” ইয়াৰ উপৰিও তেওঁ চপাখোৱা-শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, ৰাষ্ট্ৰীয় ঘাইপথ ১১৫-ৰ উন্নয়ন আৰু খ্ৰিং খ্ৰিং বাইথ’ মন্দিৰৰ সংবৰ্ধনৰ কামৰো শুভাৰম্ভ কৰে।
