সমগ্ৰ দেশ কঁপাই যোৱা তামিলনাডুৰ টুতিকোৰিন জিলাৰ সাতানকুলম আৰক্ষীৰ জিম্মাত পিতা-পুত্ৰক নৃশংসভাৱে হত্যা কৰা গোচৰত সোমবাৰে ঐতিহাসিক ৰায়দান কৰে মাদুৰাইৰ প্ৰথম অতিৰিক্ত জিলা আৰু সত্ৰ আদালতে। ২০২০ চনত সংঘটিত পি জয়ৰাজ আৰু তেওঁৰ পুত্ৰ জে বেনিক্সৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ বাবে অভিযুক্ত আটাইকেইগৰাকী আৰক্ষী বিষয়া তথা কৰ্মীক আদালতে মৃত্যুদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে। বিচাৰক জি মুতুকুমাৰণে এই দ্বৈত হত্যাকাণ্ডৰ বাবে তদানীন্তন পৰিদৰ্শক এছ শ্ৰীধৰ, উপ-পৰিদৰ্শক কে বালকৃষ্ণন, পি ৰঘু গণেশকে ধৰি মুঠ ৯ গৰাকী আৰক্ষী জোৱানক দোষী সাব্যস্ত কৰি এই কঠোৰ শাস্তি বিহে।
উল্লেখ্য যে ২০২০ চনৰ ১৯ জুনৰ নিশা কোভিড—১৯ লকডাউনৰ নিয়ম উলংঘা কৰি নিৰ্ধাৰিত সময়তকৈ বেছি সময় দোকান খোলা ৰখাৰ অভিযোগত আৰক্ষীয়ে জয়ৰাজ আৰু বেনিক্সক আটক কৰিছিল। অভিযোগ অনুসৰি সেই নিশাই আৰক্ষী থানাত তেওঁলোকক অতি অমানৱীয়ভাৱে প্ৰহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকক কোভিলপট্টি উপ-কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় যদিও গুৰুতৰ আঘাতৰ ফলত ২০ জুনত বেনিক্স আৰু ২১ জুনত পিতৃ জয়ৰাজৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে। আৰক্ষীৰ জিম্মাত সংঘটিত এই বৰ্বৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বুলি সেই সময়ত প্ৰকাশ কৰে বিভিন্ন মহলে।
ঘটনাৰ পাছতেই মাদ্ৰাছ উচ্চ ন্যায়ালয়ে নিজেই এই বিষয়ত হস্তক্ষেপ কৰি ২৪ জুনত এক স্বতঃস্ফূৰ্ত গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত ২৯ জুনত উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে। তদন্তৰ সময়ত সাতানকুলম আৰক্ষী থানাৰ কৰ্মীসকলে তদন্তত সহযোগ নকৰাৰ অভিযোগো উত্থাপন হৈছিল। চিবিআইয়ে ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত ৯ গৰাকী আৰক্ষীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছত ২০২২ চনত এক অতিৰিক্ত অভিযোগনামাও দাখিল কৰে।
আদালতে মৃত্যুদণ্ড বিহা অন্য আৰক্ষী কৰ্মীসকল হ’ল হেড কনিষ্টবল এছ মুৰুগান, এ চমাদুৰাই আৰু কনিষ্টবল এম মুতুৰাজা, এছ চেল্লাদুৰাই, এক্স থমাছ ফ্ৰান্সিছ আৰু এছ ভাইলমুতু। এই গোচৰৰ ১০ নম্বৰ অভিযুক্ত বিশেষ উপ-পৰিদৰ্শক পালদুৰাইৰ ইতিমধ্যে ২০২০ চনৰ আগষ্ট মাহত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। প্ৰায় ছয় বছৰীয়া আইনী যুঁজৰ পাছত যোৱা ২৩ মাৰ্চত আদালতে আটাইকেইগৰাকী আৰক্ষীক দোষী সাব্যস্ত কৰিছিল। আৰক্ষীৰ পোছাক পিন্ধি নাগৰিকক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে জিম্মাত লৈ এনেদৰে হত্যা কৰা কাৰ্যত আদালতে যি চৰম শাস্তি ঘোষণা কৰিলে, সেয়া দেশৰ ন্যায়িক ইতিহাসত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত হ’ব।
