কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত বলাৎকাৰ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল হয় গুৱাহাটীৰ ৰাজপথ। দেওবাৰে গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখৰ পৰা আপৰ নেতা- কৰ্মী সকলে হাতে হাতে মমবাতি আৰু প্লেকাৰ্ড লৈ সমদলত অংশগ্ৰহণ কৰে।’ সমদলকাৰী সকলে ‘বলাৎকাৰীক ফাঁচি দিয়ক’, ‘কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰক’, ‘ধৰ্ষণৰ অপৰাধত জড়িতৰ কঠোৰ শাস্তি লাগে ‘ আদি শ্লোগান দিয়ে। আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাৰ নেতৃত্বত বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ বলাৎকাৰীক শীঘ্ৰেই চৰম শাস্তিৰ দাবী জনায় আপৰ নেত্ৰী গৰাকীয়ে । প্ৰতিবাদী কাৰ্যসূচীত আপৰ জ্যেষ্ঠ নেতা ভিক্টৰ গগৈ, ৰুদ্ৰাংকুৰ হাজৰিকা, দিতুল বৰুৱা, আশ্ৰাফুল আৰিফ শিকদাৰ, প্ৰবীন শৰ্মায়ো অংশগ্ৰহণ কৰে।