HSLC-HS পৰীক্ষাৰ ফলাফলত থাকিব ষ্টাৰ, ডিষ্টিংছনঃ ঘোষণা শিক্ষামন্ত্ৰীৰ

104

সদৌ অসম ছাত্ৰ সন্থা, এজেৱাইচিপি, নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকৰ অন্তত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত সালসলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মেলত এই সন্দৰ্ভত জানিবলৈ দি কয় যে ৰাজ্য চৰকাৰে পূৰ্বৰ অধিসূচনাৰ ৫নং দফা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যাৰ পৰিপ্ৰেক্ষিতত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত ষ্টাৰ, ডিষ্টিংচন প্ৰদান কৰা হব। আনহাতে ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বীট চৰকাৰী চৰকাৰীৰ বাবেও প্ৰযোজ্য হব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী পেগুৱে। ছেপ্তেম্বৰ মাহত কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলিও তেওঁ জানিবলৈ দিয়ে।

অৱশ্যে শিক্ষকৰ চাকৰিৰ বাবে কোনো শিক্ষাৰ্থী ভৱিষ্যতে আগ্ৰহী হ’লে এক বিশেষ পৰীক্ষাত অৱতীৰ্ণ হব লাগিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অতি সোনকালে শিক্ষা বিভাগে এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব।

উল্লেখ্য যে, চলিত বৰ্ষৰ এইছএছএলচি আৰু এইছ এছ পৰীক্ষাৰ ফলাফল চৰকাৰী চাকৰিৰ বাবে প্ৰযোজ্য নহ’ব বুলি শিক্ষা মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। তাৰ পিছতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।