হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডে নিৰ্বাচিত বজাৰসমূহত ইন্ধন আৰু এলপিজিৰ চাহিদা সাময়িকভাৱে বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ দেশজুৰি যোগান আৰু বলৱৎকৰণ ব্যৱস্থা সক্ৰিয় কৰি তুলিছে বুলি কোম্পানীটোৱে ৮ এপ্ৰিলত প্ৰকাশ কৰিছে। এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এইচপিচিএলে ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিলৰ ভিতৰত ২,৬৪,৫৪৮ কে এল পেট্ৰ’ল আৰু ৪,৭৭,০৩০ কেল ডিজেলৰ ইন্ধন বিক্ৰীৰে অভিলেখ গঢ়িছে। বৰ্ধিত চাহিদা পূৰণৰ বাবে কোম্পানীটোৱে পেট্ৰ’ল, ডিজেল আৰু ৰাজসাহায্যযুক্ত কেৰাচিন কঢ়িয়াই নিয়া ৪৮,০৯৯খন টেংকাৰ প্ৰেৰণ কৰিছিল, যাৰ ফলত সমগ্ৰ খুচুৰা নেটৱৰ্কত অবিৰতভাৱে কেৰাচিনৰ পুনৰ যোগান নিশ্চিত হৈছিল।
এলপিজি শিতানেও সম্পূৰ্ণ সামৰ্থ্যৰে কাম কৰিছিল, একে সময়ছোৱাত ৮৯ লাখ চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছিল। এইচপিচিএলে প্ৰব্ৰজিত শ্ৰমিক আৰু অৰ্থনৈতিকভাৱে দুৰ্বল অংশৰ প্ৰয়োজনীয়তাৰে জোৰা মাৰিবলৈ ৫ কিলোগ্ৰামৰ ১,৮৭,৭৫৪টা ফ্ৰী ট্ৰেড এলপিজি চিলিণ্ডাৰ আৰু ২ কিলোগ্ৰামৰ ১৫,৩৩৫টা চিলিণ্ডাৰ যোগান ধৰি শেষ মাইলপৰ্যন্ত উপস্থিতি-সুলভতা বৃদ্ধি কৰিছে। আইভিআৰএছ, এছএমএছ, মিছড কল, এইচপি পে আৰু হোৱাটছএপকে ধৰি এলপিজি বুকিঙৰ ৯৫% অংশই হৈছে ডিজিটেল প্লেটফৰ্মৰ।
এইচপিচিএলে অপব্যৱহাৰৰ বিৰুদ্ধে সতৰ্কতা ব্যৱস্থা তীব্ৰতৰ কৰি তুলিছে, ১৪ মাৰ্চৰ পৰা ৭ এপ্ৰিলৰ ভিতৰত ৪,৩৮৫ বাৰ পৰিদৰ্শন চলাইছিল। ২৭গৰাকী বিতৰকক নিলম্বনকে ধৰি ৭৪জন বিতৰকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তৈল বিপণন কোম্পানী আৰু ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে যুটীয়া কাৰ্য-কলাপৰ ফলত ৬৫৭টা অভিযান, ৪০টা গোচৰ আৰু ৩,১৬৩টা এলপিজি চিলিণ্ডাৰ জব্দ কৰা হয়।
গুৱাহাটী মহানগৰীত হ্ৰস্বম্যাদী চাহিদা বৃদ্ধি স্বত্বেও স্থিৰ যোগান অব্যাহত থাকিব, খুচুৰা বিক্ৰেতাস্থলীত অধিক ভিৰ হোৱা দেখা গৈছে যদিও কোনো অত্যধিক ব্যাঘাত হোৱা নাই। এইচপিচিএল-এ গ্ৰাহকসকলক আতংকিত হৈ অযথা ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই কয় যে, সমগ্ৰ দেশতে কোনো পদ্ধতিগত অভাৱ হোৱা নাই আৰু পৰ্যাপ্ত পৰিমাণে যোগান বা মজুত আছে।
