সুৰৰ জগতত এক বিৰাট শূন্যতাৰ সৃষ্টি কৰি শনিবাৰে নিশা মুম্বাইৰ ব্রিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বুকুৰ সংক্ৰমণ আৰু অত্যাধিক ভাগৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা শিল্পীগৰাকীয়ে অৱশেষত কেইবাটাও অংগ বিকল হোৱাৰ বাবে মৃত্যুক সাৱটি লয়। তেওঁৰ বিয়োগত কেৱল ভাৰতীয় সংগীত জগততেই নহয়, সমগ্ৰ বিশ্বৰ অনুৰাগীৰ মাজত এক গভীৰ শোকৰ ছাঁ পৰিছে।
মহাৰাষ্ট্ৰ চৰকাৰে জনোৱা অনুসৰি আজি বিয়লি ৪ বজাত মুম্বাইৰ শিৱাজী পাৰ্কত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰয়াত শিল্পীগৰাকীৰ অন্তিম সংস্কাৰ। ইয়াৰ পূৰ্বে পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ তেওঁৰ নশ্বৰ দেহ ল’ৱাৰ পাৰেলস্থিত নিজ বাসগৃহত ৰখা হ’ব। এই সময়ছোৱাত গুণমুগ্ধ আৰু বিশিষ্ট ব্যক্তিসকলে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।
প্ৰায় আঠটা দশক ধৰি ভাৰতীয় চিনেমাৰ কণ্ঠস্বৰ হৈ থকা আশা ভোছলেৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে আশা জীৰ কণ্ঠই বহু প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু সংগীত জগতত এয়া এক অপূৰণীয় ক্ষতি। ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জনপ্ৰিয় অভিনেতা আমিৰ খান, কণ্ঠশিল্পী এ আৰ ৰহমানকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰে।
উল্লেখ্য যে ১৯৩৩ চনত জন্মগ্ৰহণ কৰা আশা ভোছলেৰ কেৰিয়াৰত ১২ হাজাৰতকৈও অধিক গীত বাণীবদ্ধ কৰাৰ অভিলেখ আছিল। ২০০১ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। তেওঁৰ মৃত্যুক এটা যুগৰ অন্ত বুলি অভিহিত কৰিছে বিভিন্নজনে। ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ অন্তিম যাত্ৰাৰ বাবে যাৱতীয় নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
