আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ বৰ্ধিত মূল্য আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিৱেশৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ভাৰতীয় মুদ্ৰাৰ ওপৰত। শুকুৰবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ইতিহাসত প্ৰথমবাৰৰ বাবে ৯৪.৫০ ৰ সীমা অতিক্ৰম কৰি ৯৪.৫৬ লৈ নিম্নগামী হয়। ঘৰুৱা শ্বেয়াৰ বজাৰৰ পতন আৰু বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে ধাৰাবাহিকভাৱে মূলধন প্ৰত্যাহাৰ কৰাৰ ফলত টকাৰ ওপৰত এই অতিৰিক্ত চাপৰ সৃষ্টি হৈছে।
আন্তঃবেংক বৈদেশিক বিনিময় বজাৰত শুকুৰবাৰে টকাৰ মূল্য ৯৪.১৮ ত মুকলি হৈছিল যদিও দিনটোৰ ব্যৱসায়ৰ মাজভাগত ই যথেষ্ট হ্ৰাস পায়। বুধবাৰে ডলাৰৰ বিপৰীতে টকাৰ বিনিময় মূল্য ৯৩.৯৬ ত বন্ধ হৈছিল। বৃহস্পতিবাৰে ৰাম নৱমী উপলক্ষে বজাৰ বন্ধ থকাৰ পাছত শুকুৰবাৰে পুনৰ বজাৰ খোল খাই আৰু পূৰ্বৰ তুলনাত টকাৰ মূল্য ৬০ পইচা পৰ্যন্ত নিম্নগামী হয়।
বিত্তীয় বিশেষজ্ঞসকলৰ মতে, তেল কোম্পানীসমূহে ডলাৰ ক্ৰয় কৰাৰ বিপৰীতে ৰপ্তানিকাৰীসকলে নিজৰ জমা ধন ধৰি ৰখাৰ ফলতে টকাৰ এই ঐতিহাসিক অৱনতি ঘটিছে। একে সময়তে ছয়টা মুখ্য মুদ্ৰাৰ বিপৰীতে ডলাৰৰ শক্তি প্ৰদৰ্শন কৰা ডলাৰ ইনডেক্স ০.০৮ শতাংশ বৃদ্ধি পাই ৯৯.৬৭ হৈছে। গোলকীয় খাৰুৱা তেলৰ মূল্যও প্ৰতি বেৰেলত ১০৭.৪ ডলাৰত স্থিৰ হৈ আছে।
দেশৰ শ্বেয়াৰ বজাৰতো আজি এক বৃহৎ পতন পৰিলক্ষিত হয়। চেন্সৰ ১২১২.১৫ পইণ্ট আৰু নিফটি ৩৫৫.২০ পইণ্ট হ্ৰাস পোৱাৰ ঘটনাই বিনিময় বজাৰত টকাৰ স্থিতি অধিক দুৰ্বল কৰি তুলিছে। বিদেশী বিনিয়োগকাৰীসকলে বুধবাৰে প্ৰায় ১৮০৫.৩৭ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰাৰ তথ্যই এই সংকট অধিক গভীৰ কৰি তুলিছে বুলি ধাৰণা কৰা হৈছে।
