অসম বিধানসভাৰ কাৰ্যবিৱৰণীত সংযোজন হ’ল হিন্দী ভাষা। সোমবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ পৰাই অসমীয়া, ইংৰাজী আৰু বড়োৰ লগতে হিন্দীতো সদনৰ কাৰ্যবিৱৰণীত অন্তৰ্ভূক্ত কৰে ৰাজ্য চৰকাৰে।
এই সিদ্ধান্তৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ চৰকাৰী কাৰ্যবিৱৰণীৰ ভাষা হিচাপে স্বীকৃতি লাভ কৰে হিন্দীয়ে। শনিবাৰে অনুষ্ঠিত সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয়।
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে জনায় যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীকে ধৰি চৰকাৰী আৰু বিৰোধী পক্ষৰ সদস্যসকল বৈঠকখনত উপস্থিত থাকে।
সদস্যসকলৰ ভাষিক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি জনায় অধ্যক্ষগৰাকীয়ে। তেওঁ কয়, “দেশৰ ৰাষ্ট্ৰভাষা হিন্দীত নিজৰ বক্তব্য আগবঢ়াব বিচৰা সদস্যসকলৰ বাবে এই ব্যৱস্থা কৰা হৈছে।”
অসম বিধানসভাৰ ষোড়শ বিধানসভাৰ বাজেট অধিৱেশন ৬ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ জুলাইলৈ চলিব। মুঠ ২১টা কাৰ্যদিৱসৰ এই অধিৱেশনত ১০ জুলাইত ৰাজ্যৰ বাজেট দাখিল কৰা হ’ব।
ইফালে, বিধানসভাৰ দূৰদৰ্শন চেনেলৰ নামো সলনি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়ালৈকে ‘এএলএ টিভি’ নামেৰে পৰিচিত চেনেলটোৰ নতুন নাম হ’ব ‘অসম বিধানসভা টিভি’।
এই সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কয় যে লোকসভা টিভি আৰু ৰাজ্যসভা টিভিৰ আৰ্হিত এই চেনেলটোকো অধিক শক্তিশালী কৰি গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব, যাতে বিধানসভাৰ কাৰ্যবিৱৰণী অধিক সংখ্যক লোকে সহজে চাব পাৰে।
