বিধানসভাত দাখিল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। প্ৰথমবাৰৰ বাবে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰী নিযুক্তি, আন্তঃগাঁথনি, স্বাস্থ্য, কৃষি, শিক্ষা, উদ্যোগ, শক্তি আৰু সমাজ কল্যাণ খণ্ডক কেন্দ্ৰ কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
‘ওম গণেশায় নমঃ’ উচ্চাৰণেৰে বাজেট ভাষণ আৰম্ভ কৰে জয়ন্ত মল্ল বৰুৱাই। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলিও নিবেদন কৰে।
২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে ৪১৯.২৬ কোটি টকাৰ ৰাজকোষীয় ঘাটিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বাজেটৰ নথি অনুসৰি, ৰাজ্যৰ সংহত পুঁজিলৈ মুঠ ১,৫১,৮৪৩.২৩ কোটি টকা ৰাজহ আহিব বুলি অনুমান কৰা হৈছে। ইয়াৰে ১,১৮,৫৬২.২৩ কোটি টকা ৰাজহ হিচাপত আৰু ৩৩,২৮১ কোটি টকা মূলধনী হিচাপত ধৰা হৈছে। আনহাতে, সংহত পুঁজিৰ পৰা মুঠ ব্যয় ধৰা হৈছে ১,৫৬,৭১৪.৮৮ কোটি টকা।
ৰাজহ হিচাপ, ৰাজহুৱা হিচাপ আৰু আপাতকালীন পুঁজিৰ লেনদেন ধৰি মুঠ প্ৰাপ্তিৰ পৰিমাণ ২,৮৮,৩০৯.৪৫ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। একে সময়তে, মুঠ ব্যয় ধৰা হৈছে ২,৮৫,০৮৪.৪৫ কোটি টকা। বছৰটোৰ শেষত ৩,২২৫ কোটি টকাৰ উদ্বৃত্ত লেনদেন হ’লেও আৰম্ভণিৰ ঘাটি সমন্বয় কৰাৰ পিছত সামগ্ৰিক ৰাজকোষীয় ঘাটি ৪১৯.২৬ কোটি টকাত উপনীত হ’ব বুলি বাজেটত উল্লেখ কৰা হৈছে।
চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত পুনৰ বৃহৎ লক্ষ্য ঘোষণা কৰিছে চৰকাৰে। পূৰ্বৰ কাৰ্যকালত ১.৬৪ লাখতকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰি আগন্তুক পাঁচ বছৰত আৰু ২ লাখ লোকক চৰকাৰী চাকৰি দিয়াৰ লক্ষ্য ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। শিক্ষা, স্বাস্থ্য, আৰক্ষী, বন বিভাগ, বিশ্ববিদ্যালয়, বিভিন্ন চৰকাৰী বিভাগ, ৰাজহুৱা উদ্যোগ আৰু স্বায়ত্তশাসিত প্ৰতিষ্ঠানত পৰ্যায়ক্ৰমে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। একে সময়তে ব্যক্তিগত খণ্ডতো অধিক নিযুক্তিৰ সুযোগ সৃষ্টি কৰিবলৈ নতুন বিনিয়োগ আকৰ্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথাও উল্লেখ কৰে তেওঁ।
স্বাস্থ্য খণ্ডকো বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে এই বাজেটত। ৩৩ হাজাৰৰো অধিক নতুন পদ সৃষ্টিৰ ঘোষণা কৰাৰ লগতে চিকিৎসক, নাৰ্ছ, কাৰিকৰী কৰ্মচাৰী আৰু আন স্বাস্থ্যকৰ্মী নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব। জিলা চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ অধিক শক্তিশালী কৰাৰ উপৰি নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন, বিদ্যমান চিকিৎসা মহাবিদ্যালয় উন্নীতকৰণ আৰু কৰ্কট ৰোগ চিকিৎসা সেৱা সম্প্ৰসাৰণৰ কথাও বাজেটত উল্লেখ কৰা হৈছে।
শক্তি খণ্ডত ৭২ হাজাৰ কোটি টকাতকৈ অধিক বিনিয়োগৰ পৰিকল্পনা ঘোষণা কৰিছে চৰকাৰে। জলবিদ্যুৎ, তাপবিদ্যুৎ, সৌৰশক্তি, বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা আৰু বিদ্যুৎ সঞ্চালন নেটৱৰ্ক আধুনিকীকৰণৰ বাবে একাধিক প্ৰকল্প ৰূপায়ণ কৰা হ’ব। ৪,৯০০ মেগাৱাট ক্ষমতাসম্পন্ন পাম্পড ষ্ট’ৰেজ জলবিদ্যুৎ প্ৰকল্প আৰু ৩,২০০ মেগাৱাট ক্ষমতাৰ নতুন তাপবিদ্যুৎ প্ৰকল্পও এই পৰিকল্পনাৰ অন্তৰ্ভুক্ত।
আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত অসম মালা প্ৰকল্পৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ ঘোষণা কৰা হৈছে। ২০ হাজাৰ কোটি টকাতকৈ অধিক মূল্যৰ এই পৰ্যায়ত পথ, দলং, নগৰীয়া আন্তঃগাঁথনি আৰু গ্ৰাম্য সংযোগ ব্যৱস্থা উন্নয়নৰ কাম ৰূপায়ণ কৰা হ’ব। আগন্তুক পাঁচ বছৰত প্ৰায় ৮০০ কিলোমিটাৰ উন্নত মানৰ পথ নিৰ্মাণ, গুৱাহাটী ৰিং ৰোড, নাৰেংগী-কুৰুৱা দলং, জালুকবাৰী উৰণীয়া সেঁতু উন্নীতকৰণ আৰু ব্ৰহ্মপুত্ৰ-বৰাক নদীৰ ওপৰত নতুন দলঙৰ বাবে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ কথাও ঘোষণা কৰা হৈছে।
গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ এক অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ‘গুৱাহাটী এৰ’ট্ৰ’পলিছ’ প্ৰকল্প ঘোষণা কৰা হৈছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কেন্দ্ৰ কৰি এই প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ কৰ্তৃপক্ষ গঠনৰ লগতে ভূমি অধিগ্ৰহণ আৰু প্ৰস্তুতিমূলক কামৰ বাবে ২,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে।
সামাজিক কল্যাণ আঁচনিসমূহ অব্যাহত ৰখাৰ আশ্বাসো দিছে চৰকাৰে। অৰুণোদয় আঁচনি আগষ্টৰ পিছতো চলি থাকিব যদিও যোগ্য হিতাধিকাৰী চিনাক্ত কৰিবলৈ কঠোৰ পৰীক্ষণ ব্যৱস্থা কৰা হ’ব। নিজুত মৈনা আঁচনি, জীৱন প্ৰেৰণা, কৃষক সহায় আঁচনি, চাহ জনগোষ্ঠীৰ কল্যাণমূলক ব্যৱস্থা আৰু আন সামাজিক সুৰক্ষা আঁচনিসমূহো পূৰ্বৰ দৰেই চলি থাকিব।
কৃষি খণ্ডত কৃষক উৎপাদক সংগঠনসমূহলৈ সহায় ২ লাখ টকাৰ পৰা ৩ লাখ টকালৈ বৃদ্ধি কৰাৰ লগতে নতুন ১০০টা সংগঠনক আঁচনিৰ আওতালৈ অনা হ’ব। ধানৰ ওপৰত প্ৰতিটো কুইণ্টলত ২০০ টকা আৰু মাকৈৰ ওপৰত ৩০০ টকা ৰাজ্যিক প্ৰণোদনা অব্যাহত ৰখাৰ কথাও ঘোষণা কৰা হৈছে।
উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিৱসাগৰ, জগন্নাথ বৰুৱা, নগাঁও, মাধৱদেৱ, কোকৰাঝাৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকাকৈ অনুদান ঘোষণা কৰা হৈছে। আনহাতে ডিব্ৰুগড়, বড়োলেণ্ড, ভট্টদেৱ, বীৰাংগনা সতী সাধনী, অসম মহিলা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকাকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।
চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও একাধিক সুবিধাৰ কথা ঘোষণা কৰা হৈছে। ‘আপোন ঘৰ’ গৃহ ঋণ আঁচনিত ঋণৰ সৰ্বোচ্চ সীমা ৪০ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধি কৰাৰ লগতে ‘আপোন বাহন’ আঁচনি, উন্নত বীমা সুৰক্ষা, মাতৃত্ব-পিতৃত্বকালীন ছুটি আৰু খালী পদ পূৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বাজেট ভাষণত জয়ন্ত মল্ল বৰুৱাই কয় যে এই বাজেট কেৱল আয়-ব্যয়ৰ হিচাপ নহয়, আগন্তুক পাঁচ বছৰৰ উন্নয়নৰ ৰোডমেপ। অৰ্থনৈতিক বিকাশ আৰু সমাজ কল্যাণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি ২০৪৭ চনৰ ভিতৰত অসমক দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ অন্যতম হিচাপে গঢ়ি তোলাই চৰকাৰৰ লক্ষ্য বুলিও তেওঁ উল্লেখ কৰে।
