২৬ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে অসমত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰে লাভ কৰিব এক তীব্ৰ গতি! দলীয় সূত্ৰই জনোৱা মতে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাখনো বিশাল জনসভাত অংশগ্ৰহণ কৰি দলৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিব।
দিল্লীৰ এই তিনিগৰাকী শীৰ্ষ নেতাই বিশেষকৈ দলৰ সমাজ কল্যাণ আৰু উন্নয়নমূলক এজেণ্ডাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাব।
নিৰ্বাচনী ৰণকৌশল অনুসৰি, প্ৰিয়ংকা গান্ধীয়ে বিশেষকৈ মহিলা ভোটাৰসকলৰ ওপৰত চকু ৰাখিব, কাৰণ অসমৰ ২.৫ কোটি ভোটাৰৰ প্ৰায় ৫০ শতাংশই হৈছে মহিলা। ইয়াৰ পূৰ্বেও প্ৰিয়ংকাই অসম ভ্ৰমণ কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত-বিনিময় কৰিছিল, যিয়ে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাত সহায় কৰিছে।
কেন্দ্ৰীয় নেতৃত্বই অন্ততঃ পাঁচখনকৈ ৰাজহুৱা সভা আৰু কেইবাখনো তৃণমূল পৰ্যায়ৰ বৈঠকত অংশ লৈ জনসাধাৰণৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।
বিজেপি নেতৃত্বাধীন এন ডি এ-ক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছে বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, মাজুলী, লখিমপুৰ আৰু ধেমাজিকে ধৰি প্ৰায় ৩৫ খন আসনত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব।
‘দ্য আছাম ত্ৰিবিউন’ৰ সৈতে হোৱা এক বাৰ্তালাপত দলীয় নেতা পৱন খেড়াই জানিবলৈ দিয়ে যে কেন্দ্ৰীয় নেতাসকলে এই প্ৰচাৰ অভিযানত এন ডি এ চৰকাৰৰ ব্যৰ্থতাসমূহ দাঙি ধৰিব। ইয়াৰ উপৰিও এখন উন্নত অসম আৰু উন্নত উত্তৰ-পূবৰ বাবে কংগ্ৰেছৰ যি লক্ষ্য, তাক ৰাইজৰ মাজলৈ লৈ যোৱা হ’ব বুলিও তেওঁ মন্তব্য কৰে।
