কিমান ধনী বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী সেউলী ব্ৰহ্ম মহিলাৰী? কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী ৰূপে শেহতীয়াকৈ দাখিল কৰা মনোনয়নৰ সময়ত প্ৰদান কৰা শপতনানামাত পোহৰলৈ আহিছে হাগ্ৰামা পত্নীৰ বিশাল সম্পত্তিৰ খতিয়ান। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা এই নথি অনুসৰি প্ৰাৰ্থীগৰাকীৰ প্ৰায় ২৩.৫৩ কোটি টকাৰ স্থাৱৰ সম্পত্তি থকাৰ বিপৰীতে আছে ৯.১২ কোটি টকাৰ অধিক ঋণৰ বোজাও।
ব্যৱসায়িক স্বাৰ্থত নিয়োজিত এক বিশাল বাহনৰ বহৰ এতিয়া সেউলী মহিলাৰীৰ শপতনানামাত বিশেষভাৱে চৰ্চিত হৈছে। তেওঁৰ নামত এখন বিলাসী টয়’টা লেণ্ড ক্ৰুজাৰ গাড়ীৰ লগতে কেইবাখনো ট্ৰাক, টিপাৰ, ট্ৰেক্টৰ আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত গধুৰ যন্ত্ৰ-পাতি থকাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি ১২.৫৯ কোটি টকাৰ অধিক মূল্যৰ প্লাণ্ট আৰু মেচিনেৰীও তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত।
ব্যৱসায়ী তথা সমাজকৰ্মী সেউলী মহিলাৰীয়ে দাখিল কৰা নথি অনুসৰি তেওঁৰ হাতত ৩০.৫১ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে। আনহাতে তেওঁৰ স্বামী হাগ্ৰামা মহিলাৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩.৬৬ কোটি টকা। বৰ্তমানৰ বজাৰ মূল্য অনুসৰি হাগ্ৰামা মহিলাৰীৰ নামত ৫.৪৯ কোটি টকাৰ স্থাৱৰ সম্পত্তি থকা বুলি জানিব পৰা গৈছে।
কোকৰাঝাৰ, বাক্সা আৰু চিৰাং জিলাৰ বিশাল ভূমিখণ্ডৰ লগতে কোকৰাঝাৰ চহৰত কেইবাটাও বাণিজ্যিক ভৱন আৰু মাটি তেওঁৰ নামত আছে। ইয়াৰ উপৰি বেংক জমা, ফিক্সড ডিপজিট, মিউচুৱেল ফাণ্ড আৰু ডাকঘৰৰ সঞ্চয়তো তেওঁ বৃহৎ অংকৰ ধন বিনিয়োগ কৰা আছে। শপতনানামা অনুসৰি প্ৰাৰ্থীগৰাকীৰ হাতত ৩১.৬৯ লাখ আৰু তেওঁৰ স্বামীৰ হাতত ৫.৫৫ লাখ টকা নগদ ধন মজুত আছে।
সেউলী মহিলাৰীয়ে ইউচিঅ’ বেংকৰ লগতে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ৯.১২ কোটি টকাৰ ঋণ গ্ৰহণ কৰাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীৰ ঋণৰ পৰিমাণ ১.১৩ কোটি টকা। ২০২৪-২৫ বিত্তীয় বৰ্ষত তেওঁৰ আয় ৯.৩৩ কোটি টকাৰ অধিক হোৱাৰ বিপৰীতে স্বামীৰ আয় আছিল ৬২.৮৯ লাখ টকা। পুনে বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মহিলাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক গোচৰ নাই।
