মহানগৰীৰ বতাহত এতিয়া উৰিছে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উন্মাদনা। অহা ৩০ মাৰ্চত বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ হাই-ভল্টেজ মেচখনক লৈ ক্ৰীড়ানুৰাগীৰ মাজত সৃষ্টি হৈছে এক অভূতপূৰ্ব পৰিৱেশ। ইতিমধ্যে এই হাই-প্ৰফাইল মেচখনৰ ৭০ শতাংশ টিকট বিক্ৰী সম্পূৰ্ণ হোৱাৰ খবৰে প্ৰমাণ কৰিছে যে সেইদিনা ষ্টেডিয়ামৰ গেলেৰী দৰ্শকেৰে সম্পূৰ্ণৰূপে ভৰি পৰিব।
প্ৰায় ৪০ হাজাৰ দৰ্শকৰ সমাগম ঘটিবলগীয়া এই মেচখনত বৰ্ষাপাৰাৰ বাকৰি ৰাজস্থানৰ গুলপীয়া আৰু চেন্নাইৰ হালধীয়া ৰঙেৰে এক বৰ্ণিল সাগৰলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত। ক্ৰিকেটৰ এই মহাৰণক লৈ ৰাজ্যৰ চুকে-কোণে থকা ক্ৰীড়াপ্ৰেমীৰ মাজত যি উত্তেজনাৰ সৃষ্টি হৈছে, সি চলিত ছিজনৰ আটাইতকৈ আকৰ্ষণীয় মেচসমূহৰ ভিতৰত এখন হ’ব বুলি ধাৰণা কৰা হৈছে।
বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টত মুকলি কৰা হৈছে বিশেষ টিকট কাউণ্টাৰ। ২১ আৰু ২২ মাৰ্চৰ বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে বৈধ পৰিচয় পত্ৰ দেখুৱাই মাত্ৰ ৭৯৯ টকাত টিকট সংগ্ৰহ কৰিব পাৰিব। আনহাতে সাধাৰণ দৰ্শকৰ বাবে টিকটৰ মূল্য ১,৪৯৯ টকা ধাৰ্য কৰা হৈছে।
ইয়াৰ উপৰিও অহা ২৪ মাৰ্চত ষ্টেডিয়ামৰ সমীপৰ ছাউথ পইণ্ট স্কুলতো পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ অতিৰিক্ত কাউণ্টাৰ মুকলি কৰিব আয়োজক সমিতিয়ে। ৰাজস্থান ৰয়েলছৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপে বিশেষকৈ নৱপ্ৰজন্মৰ মাজত ক্ৰিকেটৰ প্ৰতি থকা চাউনি আৰু অধিক বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
