গুৱাহাটীক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কঠোৰ হৈছে পৌৰ নিগম । নিয়ম পালন নকৰাসকলৰ বাবে ৩০০-২৫,০০০ টকাৰ জৰিমনাৰ ব্যৱস্থা ।

মহানগৰীৰ য’তে-ত’তে আৱৰ্জনা পেলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু প্ৰাকৃতিক জলাশয় প্ৰদূষিত কৰা কাৰ্য ৰোধ কৰিবলৈ পৌৰ নিগমে এক নতুন ৰাজহুৱা জাননী জাৰি কৰিছে ।

এতিয়াৰে পৰা ৰাস্তাই ঘাটে আৱৰ্জনাই নহয়, পিক পেলালেও জৰিমনা ভৰিব লাগিব ।
