গুজৰাট আহমেদাবাদৰ সৰখেজ-গান্ধীনগৰ (এছ জি) ঘাইপথৰ ইস্কন মন্দিৰৰ সমীপত বৃহস্পতিবাৰে পুৱা ফ্লাই অভাৰত সংঘটিত হোৱা এক দুৰ্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ১৩ জন আহত হয়।
বৃহস্পতিবাৰে (২০ জুলাই) পুৱা প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
ডিচিপি ট্ৰেফিক ৱেষ্ট নীতা দেশাইয়ে কয় যে, “যোৱা নিশা এখন জাগুয়াৰ গাড়ীত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০-১১ জন লোক আহত হয়। চালকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আমি তেওঁক গ্ৰেপ্তাৰ কৰিম।”
আহমেদাবাদৰ সোলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া কৃপা পেটেলে কয় যে, “দুজন আৰক্ষীকে ধৰি ৯ জন লোকৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে। ইয়াত কোনো লোকক ভৰ্তি কৰা হোৱা নাই।”