উত্তৰ-পূৰ্বাঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ডিজিটেল সংযোগ আৰু বিত্তীয় সজাগতাৰ ফলস্বৰূপে পূৰ্বতকৈ বহু অধিক বিনিয়োগকাৰীয়ে এতিয়া মূলধনী বজাৰত অংশগ্ৰহণ কৰিছে। এই ৰূপান্তৰক প্ৰতিফলিত কৰি ভাৰতৰ সৰ্ববৃহৎ সক্ৰিয় ব্যৱহাৰকাৰী থকা বিনিয়োগ প্লেটফৰ্ম গ্ৰ’-এ প্ৰকাশ কৰিছে যে ২০২৬ চনৰ জুন মাহলৈকে অসমত এনএছইৰ মুঠ সক্ৰিয় বিনিয়োগকাৰীৰ ২০তকৈও অধিক অংশ কেৱল এই প্লেটফৰ্মৰে আছিল। অৰ্থাৎ ৰাজ্যখনৰ প্ৰতি ৫গৰাকী বিনিয়োগকাৰীৰ ভিতৰত বৰ্তমান এগৰাকীয়ে এই প্লেটফৰ্মৰ জৰিয়তে বিনিয়োগ কৰে।
স্মাৰ্টফোনৰ বৰ্ধিত ব্যৱহাৰ, ইণ্টাৰনেটৰ ব্যাপক প্ৰসাৰ আৰু ডিজিটেল প্লেটফৰ্মসমূহৰ জৰিয়তে বিত্তীয় সামগ্ৰীসমূহৰ সহজলভ্যতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল বৰ্তমান ডিজিটেল বিনিয়োগৰ ক্ষেত্ৰত আটাইতকৈ দ্ৰুতগতিত বিকাশশীল অঞ্চল হিচাপে ধৰা দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ মুঠ ৩৬.৩১ লাখ এনএছই বিনিয়োগকাৰীৰ প্ৰায় ২৪% কেৱল গ্ৰ’ ব্যৱহাৰকাৰীয়ে দখল কৰিছে। ইয়াৰ ভিতৰত ছিকিমে সৰ্বাধিক ৪১% গ্ৰ’ বিনিয়োগকাৰীৰ হাৰেৰে শীৰ্ষত থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশে ৪০% আৰু ত্ৰিপুৰাই ৩৭% হাৰেৰে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।
অসমত গ্ৰ’ বিনিয়োগকাৰীসকলৰ প্ৰায় ২৫%ৰে বয়স ২৫ বছৰৰ তলৰ, আনহাতে প্ৰায় ৩০% বিনিয়োগকাৰী ২৫ৰ পৰা ৩০ বছৰ বয়সৰ আৰু ৪৫% বিনিয়োগকাৰী ৩০ বছৰৰ ঊৰ্ধ্বৰ। ইয়াৰ পৰা স্পষ্ট হয় যে ডিজিটেল বিনিয়োগে নতুনকৈ প্ৰৱেশ কৰা আৰু বজাৰৰ অভিজ্ঞতা থকা বিনিয়োগকাৰী উভয়ৰে মাজত আকৰ্ষণ বৃদ্ধি হৈছে। ৰাজ্যখনত গ্ৰ’ৰ মুঠ বিনিয়োগকাৰীৰ ভিতৰত প্ৰায় ২০%ই হৈছে মহিলা, যিয়ে অসমৰ বিনিয়োগ ক্ষেত্ৰখনত মহিলাসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণক প্ৰতিষ্ঠা কৰিছে।
গ্ৰ’ প্লেটফৰ্মে বিনিয়োগকাৰীসকলক নিজৰ সমগ্ৰ বিনিয়োগ যাত্ৰাৰ বাবে বিভিন্ন সামগ্ৰী আৰু সঁজুলিৰ সুবিধা প্ৰদান কৰে, যাৰ ভিতৰত মিউচুৱেল ফাণ্ড, ষ্টক, আইপিঅ’, ট্ৰেডিং, কমডিটিজ, মাৰ্জিন ট্ৰেডিং ফেচিলিটি (এমটিএফ), বণ্ড আৰু ৱেল্থ মেনেজমেণ্ট ছল্যুচন আদি অন্যতম। ইয়াৰ উপৰিও এই প্লেটফৰ্মে নিজৰ উন্নত ট্ৰেডিং সঁজুলিসমূহ যেনে— অপচন চেইন, চাৰ্ট আৰু টাৰ্মিনেল-ভিত্তিক ট্ৰেডিঙৰ পৰিসৰৰ সম্প্ৰসাৰণ কৰিছে, যাৰ ফলত অভিজ্ঞ বিনিয়োগকাৰীসকলে সক্ৰিয় বজাৰত অংশগ্ৰহণৰ বাবে সকলো প্ৰয়োজনীয় সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।
