বিহাৰৰ ভাগলপুৰ আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চলসমূহৰ বাবে জীৱন ৰেখাস্বৰূপ বিক্ৰমশিলা সেতুৰ ওপৰত অৱশেষত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশত স্থাপন কৰা হ’ল ১৭০ ফুট দৈৰ্ঘ্যৰ এক সাময়িক বেইলী ব্ৰীজ। গংগা নদীৰ ওপৰত অৱস্থিত ৪.৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গুৰুত্বপূৰ্ণ সেতুখনৰ ৩৪ মিটাৰ অংশ ভাঙি পৰাৰ পিছতেই সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ ৩৩ আৰু ৩১ ৰ মাজৰ সংযোগ ব্যৱস্থা। পৰিস্থিতিৰ ভয়াৱহতা আৰু জনসাধাৰণৰ চৰম যাতায়াত সংকটৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰ চৰকাৰে জৰুৰীকালীন সাহায্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক অনুৰোধ জনাইছিল। ইয়াৰ পিছতেই প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেতুখনৰ মেৰামতি আৰু পুনৰুদ্ধাৰৰ সম্পূৰ্ণ দায়িত্ব সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ’ৰ ওপৰত অৰ্পণ কৰে।
ইয়াৰ পাছতে, উত্তৰ আৰু দক্ষিণ বিহাৰৰ আৱদ্ধ যোগাযোগ ব্যৱস্থা যুদ্ধকালীন তৎপৰতাৰে পুনৰ সক্ৰিয় কৰিবলৈ এই কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰে বি আৰ অ’ কৰ্তৃপক্ষই। সংস্থাটোৰ অধীনস্থ ‘প্ৰজেক্ট স্বস্তিক’ৰ নিৰ্মাণকাৰী দলে অতি কম সময়ৰ ভিতৰতে ১৭০ ফুট দৈৰ্ঘ্যৰ এই প্ৰথমখন বেইলী ব্ৰীজ স্থাপন কৰি এক বৃহৎ সফলতা অৰ্জন কৰে। কেৱল সিমানেই নহয়, ৰাজ্য চৰকাৰৰ চাহিদা অনুসৰি সেতুখনৰ আন দুটা ক্ষতিগ্ৰস্ত অংশৰ ওপৰতো অতি শীঘ্ৰে আৰু দুখন অতিৰিক্ত বেইলী ব্ৰীজ স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।
এই নিৰ্মাণকাৰী কাৰ্যসূচীৰ অগ্ৰগতি পৰীক্ষা কৰিবলৈ যোৱা ২০ মে’ত বি আৰ অ’ (পূব)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিতেন্দ্ৰ প্ৰসাদে ঘটনাস্থলী পৰিদৰ্শন কৰে। কামৰ ক্ষিপ্ৰতাক লৈ সন্তোষ প্ৰকাশ কৰি অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে অৱশিষ্ট দুখন দলঙৰ নিৰ্মাণ কাৰ্যও অতি খৰতকীয়াভাৱে সম্পন্ন কৰি প্ৰশাসনক হস্তান্তৰ কৰা হ’ব। এই ক্ষেত্ৰত ইতিমধ্যে পাটনাত পথ নিৰ্মাণ বিভাগৰ সচিব পংকজ কুমাৰ পাল, বি আৰ পি এন এন এলৰ পৰিচালন সঞ্চালক জিতেন্দ্ৰ কুমাৰ আৰু বি আৰ অ’ৰ অধীক্ষক অভিযন্তা বিপিন কুমাৰ চান্দৰ সৈতে এক উচ্চস্তৰীয় বৈঠকো অনুষ্ঠিত হৈ যায়।
ইফালে, এনে সংকটপূৰ্ণ সময়ত বি আৰ অ’ৰ ক্ষিপ্ৰ আৰু সময়োপযোগী পদক্ষেপক লৈ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে বিহাৰ চৰকাৰে। এই সাময়িক দলং নিৰ্মাণৰ ফলত অঞ্চলটোৰ যাতায়াত সমস্যা বহু পৰিমাণে লাঘব হোৱাৰ লগতে জৰুৰীকালীন সেৱাসমূহ পুনৰ সক্ৰিয় হৈ পৰিব বুলি আশা কৰা হৈছে।
