ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই শিশুটিৰ বিৰুদ্ধেই এইবাৰৰ বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ফুটবলৰ মহাতাৰকা লিয়নেল মেছি। ১৯ বছৰ পূৰ্বে এক চেৰিটী ইভেণ্টত মেছিয়া গা ধুৱাই দিয়া সেই শিশুটিয়েই হৈছে স্পেইনৰ তাৰকা ফুটবলাৰ লামিন য়ামাল। ২০ জুলাইত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত এইবাৰ সেই য়ামালৰ বিৰুদ্ধেই খেলপথাৰত নামিব বিশ্ব ফুটবলৰ মহাতাৰকা মেছি।
বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনাই। আনহাতে, প্ৰথম ছেমিফাইনেলত ফ্ৰান্সক পৰাস্ত কৰি ১৬ বছৰৰ অন্তত বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰে স্পেইনে। ফলত খিতাপ যুঁজত মুখামুখি হ’ব মেছিৰ আৰ্জেণ্টিনা আৰু য়ামালৰ স্পেইন।
এই ফাইনেলক অধিক আকৰ্ষণীয় কৰি তুলিছে ২০০৭ চনৰ এখন ফটোগ্ৰাফে। সেই সময়ত মাত্ৰ ১৮ বছৰীয়া মেছি বিশ্ব ফুটবলত নিজৰ পৰিচয় গঢ়ি তুলিছিল। ইউনিচেফৰ এক বিশেষ কাৰ্যসূচীত ছমাহীয়া এটি শিশুক কোলাত তুলি গা ধুৱাই ফটোশ্বুট কৰিছিল তেওঁ। সেই শিশুটিয়েই আছিল বৰ্তমানৰ স্পেইনৰ বিস্ময়বালক লামিন য়ামাল।
দীৰ্ঘ ১৭ বছৰ ধৰি সেই ফটোগ্ৰাফ ৰাজহুৱাভাৱে প্ৰকাশ হোৱা নাছিল। ২০২৪ চনত প্ৰথমবাৰৰ বাবে ছবিখন প্ৰকাশ পোৱাৰ পিছতে ‘The Beginning of Two Legends’ শীৰ্ষক সেই মুহূৰ্তই বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰে।
এতিয়া ভাগ্যই যেন পুনৰ একেলগে থিয় কৰাইছে দুয়োজনক। এসময়ত মেছিৰ কোলাত থকা সেই কণমানিটোৱেই আজি বিশ্ব ফুটবলৰ সৰ্ববৃহৎ মঞ্চত তেওঁৰ সন্মুখত প্ৰতিদ্বন্দ্বী হিচাপে নামিব।
উল্লেখ্য যে, ২০ জুলাইত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া এই ফাইনেলত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জিকাৰ লক্ষ্য লৈ নামিব আৰ্জেণ্টিনা। আনহাতে, ১৬ বছৰৰ অন্তত পুনৰ বিশ্ব চেম্পিয়ন হোৱাৰ লক্ষ্য লৈ খেলপথাৰত নামিব স্পেইন।
