পশ্চিম এছিয়াৰ সাম্প্ৰতিক অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু যুদ্ধসদৃশ সংকটৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত দেশৰ গ্ৰাহকসকল যাতে অতিৰিক্ত আৰ্থিক বোজাৰ সন্মূখীন হ’বলগীয়া নহয়, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আৱকাৰী শুল্ক হ্ৰাস কৰি সৰ্বসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে প্ৰতি মাহে প্ৰায় ১৪,০০০ কোটি টকাৰ এক বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে (ৰাজহ ঘাটি)। সোমবাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে।
সুৱেজ খালৰ সংকট আৰু আমদানিৰ প্ৰত্যাহ্বান
পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ বিষয়াসকলে জনোৱা মতে, পশ্চিম এছিয়াত চলি থকা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ভাৰতৰ ইন্ধন আমদানি ব্যৱস্থা আংশিকভাৱে প্ৰভাৱিত হৈছে। বৰ্তমান ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ ৪০ শতাংশ, এল এন জি (LNG) অৰ্থাৎ তৰলীকৃত প্ৰাকৃতিক গেছৰ প্ৰায় ১০ শতাংশ আৰু প্ৰাকৃতিক গেছৰ প্ৰায় ৬৫ শতাংশ উক্ত অঞ্চলটোৰ পৰাই আমদানি কৰে।
