গৰু কোৰবানী দিয়া হ’বই আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি গ্ৰহণ কৰা নহ’ব। – আগন্তুক ঈদৰ পূৰ্বে পশ্চিমবংগ চৰকাৰে জাৰি কৰা পশুবধ সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনাক পোনপটীয়াভাৱে প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে এই চাঞ্চল্যকৰ মন্তব্য কৰে আম জনতা উন্নয়ন পাৰ্টীৰ মুৰব্বী তথা বিধায়ক হুমায়ুন কবিৰে। ১৯৫০ চনৰ ‘পশ্চিমবংগ পশু নিধন নিয়ন্ত্ৰণ আইন’ৰ অধীনত জাৰি কৰা চৰকাৰী জাননীক মুকলি প্ৰত্যাহ্বান জনাই সমগ্ৰ ৰাজ্যখনতে এক তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰে শাসকীয় মিত্ৰজোঁটৰ সহযোগী দলটোৰ নেতাজনে।
ধৰ্মীয় পৰম্পৰাৰ প্ৰসংগ উল্লেখ কৰি আম জনতা উন্নয়ন পাৰ্টীৰ মুৰব্বী হুমায়ুন কবিৰে কয়, “আমি আইনক সদায় সন্মান কৰোঁ। কিন্তু কোৰবানী নিশ্চিতভাৱে অনুষ্ঠিত হ’ব আৰু কোৰাণত যি লিখা আছে সেইয়া পালন কৰা হ’বই। মই শুভেন্দু অধিকাৰীক পোনপটীয়াকৈ ক’ব বিচাৰোঁ যে তেওঁ যেন জুইৰে খেলা নকৰে, কিয়নো এয়া তেওঁৰ বাবে বিপজ্জনক প্ৰমাণিত হ’ব পাৰে। কোৰবানীৰ ক্ষেত্ৰত মুছলমান সমাজে কোনো ধৰণৰ আপোচ নকৰে।”
চৰকাৰে মুছলমানসকলক গো-মাংস নোখোৱাৰ নিয়ম কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “এইয়া এক ঐতিহ্য যি যোৱা ১৪০০ বছৰ ধৰি চলি আহিছে আৰু পৃথিৱীখন থকালৈকে চলি থাকিব। গতিকে গৰু, ছাগলী আৰু উটৰ কোৰবানী ধাৰাবাহিকভাৱে অব্যাহত থাকিব।” ৰাজপথত নামাজ পঢ়াৰ প্ৰসংগ টানি আনি তেওঁ কয় যে যদি ঈদৰ বাবে পৰ্যাপ্ত স্থানৰ ব্যৱস্থা কৰা নহয়, তেন্তে ৰাজপথত পূজা-অৰ্চনা কৰাটোও বন্ধ কৰিব লাগে।
ইফালে, হুমায়ুন কবিৰৰ এই ভাষ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি দলে। পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্যই সংবাদ সংস্থা পিটিআইৰ আগত কয় যে এইয়া কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে বুলি কৰা অভিযোগ সত্য নহয়, বৰঞ্চ আইনৰ মজিয়াত কেৱল অবৈধ কচাইখানাসমূহ বন্ধ কৰাৰহে পদক্ষেপ লোৱা হৈছে।
আনহাতে, ৰাজ্যখনৰ মন্ত্ৰী দিলীপ ঘোষে বিষয়টোক লৈ কয়, “ইছলাম ধৰ্মৰ উৎপত্তি যি স্থানত হৈছিল, তাত কোনো গৰু নাছিল। গো-বধৰ সৈতে কোনো ধৰণৰ ধৰ্মীয় সম্পৰ্ক নাই। কেৱল হিন্দু সমাজক আঘাত দিবলৈহে ইয়াত গো-বধ কৰা হয়।” ধৰ্মীয় মেৰুকৰণ সৃষ্টিৰ বাবে একাংশই এই বিতৰ্কৰ সূচনা কৰা বুলি মত প্ৰকাশ কৰে তেলেংগানা বিজেপিৰ সভাপতি এন ৰামচন্দ্ৰ ৰাওৱে।
আনহাতে, এই স্পৰ্শকাতৰ বিষয়টোক লৈ মুছলমান সমাজৰ একাংশ জ্যেষ্ঠ নেতৃবৃন্দৰ মাজতো ভিন্ন মত প্ৰকাশ পোৱা দেখা গৈছে। ফুৰফুৰা শ্বৰীফৰ পীৰজাদা তোহা চিদ্দিকীয়ে চৰকাৰৰ দুমুখীয়া নীতিক লৈ প্ৰশ্ন উত্থাপন কৰি কয়, “আইনে যি কয় সেইয়া মানি চলাটো প্ৰয়োজনীয় আৰু আইন সকলোৰে বাবে সমান হ’ব লাগে। দেশৰ ভিতৰত গো-বধ নিষিদ্ধ কৰাটো ৰপ্তানিৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য নহয়? দেশৰ গৰু কাটি বিদেশলৈ ৰপ্তানি কৰাটো কেনেকৈ বৈধ হ’ব পাৰে, গতিকে সমগ্ৰ দেশৰ বাবে আইন এখন হ’ব লাগে।”
ইয়াৰ বিপৰীতে সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছে বাবৰি মছজিদ গোচৰৰ প্ৰাক্তন আবেদনকাৰী ইকবাল আনছাৰীয়ে। গৰুক ‘গো-মাতা’ আখ্যা দি সংবাদ সংস্থা এএনআইৰ আগত তেওঁ কয়, “হিন্দু ধৰ্মত গৰুক পূজা কৰা হয়, গতিকে মুছলমানসকলে গো-ধনক সন্মান কৰা উচিত। কোৰবানীৰ বাবে গৰু উৎসৰ্গা কৰাটো কোনো কাৰণতে উচিত নহয়। বৰঞ্চ চৰকাৰে গৰুক ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে।”
উল্লেখ্য যে এই সমগ্ৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে কলকাতা উচ্চ ন্যায়ালয়ে চৰকাৰী নিষেধাজ্ঞাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি উচ্চ ন্যায়ালয়ে স্পষ্ট কৰে যে ঈদৰ উছৱত গো-বধ কৰাটো ইছলাম ধৰ্মৰ কোনো বাধ্যতামূলক ধৰ্মীয় প্ৰয়োজনীয়তা নহয়। চৰকাৰী জাননী অনুসৰি মুকলি বা ৰাজহুৱা স্থানত পশুবধ কৰাটো সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে আৰু এই আইন উলংঘা কৰিলে ৬ মাহ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বিহাৰ নিয়ম বাহাল ৰাখিছে প্ৰশাসনে।
