সমগ্ৰ অসমৰ ভিতৰত প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল শিৱাংগী সোণোৱালে। দেশৰ ভিতৰতে সুপ্ৰতিষ্ঠিত নাগপুৰৰ ‘নেশ্যনেল ফায়াৰ চাৰ্ভিচ কলেজ’ৰ পৰা প্ৰথমগৰাকী অসমীয়া মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে অলপতে যোগ্যতা অৰ্জন কৰে তিনিচুকীয়া জিলাৰ শিৱাংগীয়ে। তেওঁ প্ৰতিষ্ঠানখনৰ পৰা ফায়াৰ ইঞ্জিনিয়াৰিং শাখাৰ বিটেক পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰে। তিনিচুকীয়াৰ ডাঙৰী গাঁৱৰ বাসিন্দা জিতুল সোনোৱাল আৰু বন্তী সন্দিকৈ সোনোৱালৰ কন্যা শিৱাংগীৰ এই সফলতা আচলতে এক অনন্য নজীৰ। অত্যন্ত প্ৰতিযোগিতাপূৰ্ণ আৰু কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ বাবে পৰিচিত এই পাঠ্যক্ৰমত প্ৰতি বছৰে সমগ্ৰ দেশৰ মাত্ৰ কেইগৰাকীমান মহিলাইহে নামভৰ্তিৰ সুযোগ লাভ কৰে।
উল্লেখ্য যে এই স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে ‘জে ই ই মেইন’ পৰীক্ষাত উচ্চ নম্বৰ লাভ কৰাৰ লগতে কঠোৰ শাৰীৰিক অৰ্হতাৰ পৰীক্ষাতো উত্তীৰ্ণ হ’ব লাগে। সমগ্ৰ দেশৰ ভিতৰত মাত্ৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীকহে প্ৰতি বছৰে এই বিশেষ বিষয়টো পঢ়িবলৈ নিৰ্বাচিত কৰা হয়। ইয়াৰ পৰিসংখ্যা অনুসৰি সাধাৰণতে মাত্ৰ তিনিৰ পৰা চাৰিগৰাকীহে মহিলা থাকে।
প্ৰতিষ্ঠানখনৰ সূত্ৰই প্ৰকাশ কৰা খবৰ মতে, ২০২২ চনত প্ৰায় ৮০০ প্ৰাৰ্থীৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ এই মৰ্যাদাপূৰ্ণ পাঠ্যক্ৰমত স্থান লাভ কৰিছিল শিৱাংগীয়ে।
চাৰি বছৰীয়া কঠোৰ কাৰিকৰী শিক্ষা আৰু শাৰীৰিক সহনশীলতাৰ প্ৰশিক্ষণৰ অন্তত যোৱা ২৯ মে’ত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে ফায়াৰ ইঞ্জিনিয়াৰৰ উপাধি প্ৰদান কৰা হয়। এই ঐতিহাসিক সফলতাৰ সমান্তৰালভাৱে তেওঁ প্ৰথমটো পেছাদাৰী সাফল্যও বুটবলৈ সক্ষম হয়। অন্তিমটো ষান্মাসিকত অনুষ্ঠিত কেম্পাছ প্লেচমেণ্টৰ জৰিয়তে তেওঁ ইতিমধ্যে এটা আগশাৰীৰ গেছ প্ৰতিষ্ঠানত সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে।
অসমৰ এইগৰাকী কন্যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠন তথা শুভাকাংক্ষীয়ে শিৱাংগীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ এই সফলতাই ভৱিষ্যতে ছাত্ৰীসকলক অপৰম্পৰাগত কেৰিয়াৰ গঢ়িবলৈ বিশেষভাবে অনুপ্ৰাণিত কৰিব বুলি মত প্ৰকাশ কৰিছে।
