পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ, আৰু অন্যান্য বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্ক দুগুণতকৈও অধিক অৰ্থাৎ ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিছে ৷বিত্ত মন্ত্ৰালয়ে মঙলবাৰে অধিসূচনা জাৰি কৰি কয় যে ১৩ মে’ৰ পৰা এই হাৰ কাৰ্যকৰী হৈছে ৷ ফলস্বৰূপে অনাগত দিনত সোণ-ৰূপৰ দাম অধিক হ’ব পাৰে ৷
