ৰাজ্যৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে ধুবুৰী আৰক্ষীয়ে সোমবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি চহৰখনৰ পুৰণি আদালত ভৱন এলেকাত চলোৱা এক অভিযানত উৎখাত কৰে এটা অবৈধ ‘তীৰ’ জুৱাৰ ঘাটি। প্ৰায় ৩:৫০ বজাত ধুবুৰী থানাৰ এটা দলে চলোৱা এই অভিযানত এজন ব্যক্তিক আটক কৰাৰ লগতে জুৱা খেলত ব্যৱহৃত কেইবাটাও আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা ব্যক্তিজন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত চালাকুৰা চতুৰ্থ খণ্ডৰ বাসিন্দা আজল হক (৩০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৃত আজল হকৰ জিম্মাৰ পৰা নগদ ৫,৫৭০ টকা উদ্ধাৰ কৰে অভিযানকাৰী দলে। এই ধন সেইদিনাৰ জুৱা খেলৰ পৰা সংগ্ৰহ কৰা বুলি সন্দেহ কৰিছে তদন্তকাৰী বিষয়াই। ইয়াৰ উপৰি ‘তীৰ জুৱা’ৰ লেনদেন আৰু সংখ্যাৰ বিতং লিপি থকা দুখন নোটবুকৰ লগতে এটা মোবাইল ফোনো জব্দ কৰা হৈছে। এই মোবাইলটোত জুৱাৰ নেটৱৰ্ক আৰু গ্ৰাহকৰ সৈতে জড়িত ডিজিটেল প্ৰমাণ থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে, ধুবুৰী অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ জুৱা, বিশেষকৈ ‘তীৰ’ খেলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা ধাৰাবাহিক অভিযানৰ অংশ হিচাপে এই অভিযান চলোৱা হয়। আৰক্ষীৰ মতে, এনে ধৰণৰ জুৱাই বিশেষকৈ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলক সৰ্বস্বান্ত কৰি আহিছে। অঞ্চলটোৰ ৰাজহুৱা প্ৰতিষ্ঠানৰ ওচৰত গঢ়ি উঠা এনে জুৱাৰ ঘাটিয়ে সৰু-সুৰা অপৰাধ আৰু অশান্তি বৃদ্ধি কৰাক লৈ স্থানীয় ৰাইজেও দীৰ্ঘদিন ধৰি উদ্বেগ প্ৰকাশ কৰি আহিছিল। বৰ্তমান অভিযুক্ত আজল হক আৰক্ষীৰ জিম্মাত আছে আৰু এই চক্ৰটোৰ সৈতে জড়িত আন ‘বুকি’ বা এজেণ্টসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। ৰাজহুৱা অনুষ্ঠানৰ ওচৰত চলি থকা এনে অসামাজিক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীৰ এই তৎপৰতাক ধুবুৰীৰ সচেতন মহলে আদৰণি জনাইছে।
