আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও তৎক্ষণাৎ দাম কমাব নোৱাৰি ইন্ধনৰ। কম মূল্যৰ তেল ভাৰতত উপনীত হ’বলৈ সময় লাগিব। – ইন্ধনৰ মূল্যবৃদ্ধিক লৈ চলি থকা আলোচনাৰ মাজতে এই মন্তব্য কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে।
সাংবাদিকৰ সৈতে বাৰ্তালাপত গোপীয়ে কয় যে শেহতীয়াকৈ ইন্ধনৰ মূল্যবৃদ্ধিত প্ৰতি লিটাৰত প্ৰায় ৩.৯৪ টকাহে প্ৰভাৱ পৰিছে। কিন্তু বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে সেই প্ৰভাৱ আঁতৰাই মূল্য হ্ৰাস কৰাটো সম্ভৱ নহয়।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে কয়, “কম মূল্যৰ খাৰুৱা তেল ভাৰতলৈ আনিবলৈ সময়ৰ প্ৰয়োজন হয়। হৰমুজ প্ৰণালী অতিক্ৰম কৰি সেই তেল দেশত আহিব লাগিব। বৰ্তমান জাহাজ চলাচলৰ ওপৰত অতিৰিক্ত চাপ পৰিছে। সেয়েহে পৰিস্থিতি স্বাভাৱিক হ’বলৈ কিছু সময় লাগিব।’’
পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰসংগ উত্থাপন কৰি গোপীয়ে কয়, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেল কোম্পানীবোৰে যথেষ্ট চাপৰ সন্মুখীন হৈছিল। সেই প্ৰভাৱৰ এটা বৃহৎ অংশ কেন্দ্ৰীয় চৰকাৰে নিজে বহন কৰিছে।
সুৰেশ গোপীয়ে কয়, “এই চাপ বহন কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ১২ হাজাৰ কোটি টকাৰ লোকচান হৈছে। কিন্তু কোনো ৰাজ্যই ইন্ধনৰ মূল্যবৃদ্ধিৰ সময়ত নিজৰ আবকাৰী শুল্ক হ্ৰাস কৰি ৰাজহ কমোৱা নাই। চৰকাৰ চলিব লাগিব আৰু তেল কোম্পানীবোৰো টিকি থাকিব লাগিব।”
আনহাতে কেৰালাত এইমছ স্থাপনৰ বিষয়তো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে এইমছ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব। সম্ভাৱ্য স্থানসমূহৰ বিষয়ে সংশ্লিষ্ট সমিতিক অৱগত কৰাৰ পিছতহে স্থান নিৰ্বাচন সম্পৰ্কীয় আলোচনা আগবাঢ়িব।
এই সন্দৰ্ভত কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে তেওঁৰ সৈতে যোগাযোগ কৰাৰ কথা উল্লেখ কৰিলেও এতিয়ালৈকে কোনো আনুষ্ঠানিক আমন্ত্ৰণ লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে।
