চোকাপাৰা আঞ্চলিক মহিলা সমিতি গঠন

271

চোকাপাৰা বোৱা-কটা সমবায় সমিতিৰ প্ৰাংগণত দেওবাৰে সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচৰ নেতৃত্বত সদৌ চোকাপাৰা আঞ্চলিক মহিলা সমিতি গঠনাৰ্থে এখন‌ সাধাৰণ সভা অনুষ্ঠিত হয়।

সমাজকৰ্মী কেশৱ চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে মিনতি ৰায় চৌধুৰীক সভানেত্ৰী আৰু ধৰিত্ৰী ৰায়ক সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী সদৌ চোকাপাৰা আঞ্চলিক মহিলা সমিতি গঠন কৰা হয়।

সভাত বঙাইগাঁও জিলা আক্ৰাছুৰ উপদেষ্টা মনোজ চৌধুৰী, সমাজকৰ্মী বলেন ৰায়, মনিকান্ত ৰায়, দীপেন ৰায়, হিতেশ চন্দ্ৰ ৰায়,সুকুৰু ৰায়ৰ লগতে বঙাইগাঁও কন্যা মহাবিদ্যালয়ৰ ৰাজবংশী ছাত্ৰী সভাৰ সভানেত্ৰী ধনমণি চৌধুৰী, বঙাইগাঁও আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী মিনু সিংহ আৰু বঙাইগাঁও জিলা আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে ৷

উল্লেখ্য যে নৱ নিৰ্বাচিত আঞ্চলিক মহিলা সমিতিৰ বিষয়ববীসকলক এই সভাতে শপত গ্ৰহণ কৰোৱা হয় ৷ শপত বাক্য পাঠ কৰোৱায় জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচে ৷