ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে আজি অকাৰ্যক্ষম বা অকামিলা হৈ পৰা সামগ্ৰী, স্মাৰ্টফোন আৰু ফিচাৰ ফোনৰ বাবে এক্সচেঞ্জ প্ৰগ্ৰেম(বিনিময় কাৰ্যসূচী) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ সহায়ত গ্ৰাহকসকলক নিজৰ বন্ধ হৈ যোৱা বৃহৎ আৰু ইলেক্ট্ৰনিক সামগ্ৰীসমূহ যেনে টেলিভিছন, ফ্ৰীজ আৰু ৱাশ্বিং মেচিনৰ দৰে সামগ্ৰীৰ পৰা আৰম্ভ কৰি লেপটপ, স্মাৰ্টফোন আৰু ফিচাৰ ফোনলৈকে আপগ্ৰেডেড সামগ্ৰীৰ সৈতে বিনিময় কৰিবলৈ অনুমতি প্ৰদান কৰিব।
ফ্লিপকাৰ্টৰ বিনিময় কাৰ্যসূচীয়ে বন্ধ বা নিক্ৰিয় হৈ পৰা সামগ্ৰীৰ বিক্ৰী বা বিনিময়ৰ বাবে বিক্ৰেতাক চিনাক্ত কৰা আৰু বৃহৎ সামগ্ৰীৰ ডেলিভাৰীৰ ব্যৱস্থা কৰাৰ জটিল কামবোৰ নোহোৱা কৰিছে। অকাৰ্যক্ষম সামগ্ৰীসমূহক মুদ্ৰালৈ ৰূপান্তৰিত কৰি এই কাৰ্যসূচীয়ে অনুচিত নিষ্কাশনৰ ফলত উৎপন্ন হোৱা ইলেক্ট্ৰনিক আৱৰ্জনা (ই-আৱৰ্জনা) হ্ৰাস কৰাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছে । ফ্লিপকাৰ্টে ই-আৱৰ্জনাসমূহৰ দায়িত্বশীল নিষ্কাশন সুনিশ্চিত কৰিবলৈ অনুমোদিত বিক্ৰেতাৰ সৈতে অংশীদাৰিত্ব কৰিছে।
এই নতুন ব্যৱস্থা সন্দৰ্ভত উল্লেখ কৰি ফ্লিপকাৰ্টৰ ৰি-কমাৰ্চৰ জ্যেষ্ঠ সঞ্চালক তথা ব্যৱসায়িক মুৰব্বী আশুতোষ সিং চাণ্ডেলে কয় যে, “অকাৰ্য্যক্ষম সামগ্ৰীৰ বাবে নতুন বিনিময় কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ গ্ৰাহকসকলক অভিনৱ, বহনক্ষম আৰু সুবিধাজনক সমাধান প্ৰদান কৰিব বিচাৰো যাতে অব্যৱহৃত ইলেক্ট্ৰনিক আৰু বৃহৎ সঁজুলি বা সামগ্ৰীসমূহ পেলাই দিয়াৰ পৰিৱৰ্তে লাভজনক বা নিজে বিচৰা ধৰণে উন্নীত কৰা সামগ্ৰীলৈ যাতে লাভ কৰিব পাৰে।”