#ফ্লিপট্ৰেণ্ডছ ২০২৪ ঘোষণা ফ্লিপকাৰ্টৰ : প্ৰযুক্তি আৰু নষ্টালজিয়াই শীৰ্ষস্থান পালে শ্বপিং তালিকাত

179

ফ্লিপকাৰ্টে প্ৰকাশ কৰিলে #ফ্লিপট্ৰেণ্ডছ প্ৰতিবেদনৰ এইছ১ ২০২৪ সংস্কৰণ, য’ত ৫০০ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীৰ বজাৰ কৰাৰ অভ্যাসৰ ওপৰত এক বিস্তৃত দৃষ্টিভংগী আগবঢ়োৱা হৈছে। এই প্ৰতিবেদনখনে মহানগৰৰ লগতে আৰু টায়াৰ ৩+ অঞ্চলসমূহৰ আকৰ্ষণীয় ট্ৰেণ্ডসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে, য’ত ক্লাছিক আৰু উদীয়মান পছন্দসমূহৰ মিশ্ৰণ দেখা গৈছে।

এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে মানুহৰ মাজত প্ৰযুক্তি আৰু সৌন্দৰ্য সামগ্ৰীৰ চাহিদা অব্যাহত আছে। স্মাৰ্টৱাশ্ব, টিডব্লিউএছ ইয়েৰফোন আৰু স্মাৰ্ট বেণ্ডসমূহে পৰিধানযোগ্য প্ৰযুক্তি শিতানতো যথেষ্ট চাহিদা দেখা গৈছিল। আনহাতে, সমগ্ৰ ভাৰতৰ প্ৰযুক্তি অনুৰাগীসকলে অত্যাধুনিক উদ্ভাৱনসমূহৰ প্ৰতি চাহিদা অধিক দেখুৱাইছিল। সৌন্দৰ্যৰ ট্ৰেণ্ড আছিল সমানেই স্পন্দনশীল, ছালৰ যতন আৰু মেকআপ সামগ্ৰীৰ উল্লেখযোগ্য বৃদ্ধি দেখা গৈছিল। গ্ৰাহকসকলে নষ্টালজিক সামগ্ৰীসমূহ, বিশেষকৈ ক্লাছিক আচাৰ আৰু চাটনিৰ প্ৰতি এইবাৰ অধিক আকৰ্ষিত হৈছে, যিবোৰ বছৰৰ পিছত বছৰ বৃদ্ধিৰে ৯০% নাটকীয়ভাৱে উত্থান দেখা গৈছে। আধুনিক আৰু নষ্টালজিক উপাদানৰ মিশ্ৰণ দেখা গৈছিল ফেশ্বন পছন্দৰ তালিকাত, ভেকেচনৰ সময়ৰ পোছাক আৰু ৰেট্ৰ’-অনুপ্ৰাণিত বস্ত্ৰই আগস্থান দখল কৰিছিল।

গুৱাহাটীত খাদ্য আৰু পুষ্টিকৰ সামগ্ৰীৰো চাহিদা যথেষ্ট বৃদ্ধি পাইছে, যিয়ে স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰ কথাই প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও অন্যান্য টায়াৰ ২ চহৰসমূহত বৰ্ধিত ট্ৰেণ্ড দেখা গৈছিল য’ত মোবাইলৰ সুৰক্ষা সংক্ৰান্তীয় সামগ্ৰীয়ে জনপ্ৰিয়তা লাভ কৰিছে। ফ্লিপকাৰ্টৰ এই ফলাফলে ফেষ্টিভ আৰু বাৰিষাৰ সময়ছোৱাৰ বৰ্ধিত ক্ৰয়ৰ লগতে ছিজনেল ট্ৰেণ্ডসমূহৰ ওপৰতো আলোকপাত কৰিছে। ছাতি, ৰেইনকোট আৰু পৰম্পৰাগত পোছাকৰ দৰে সামগ্ৰীবোৰত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছিল। ফ্লিপকাৰ্টৰ এনালিটিক্স এণ্ড ডাটা চাইন্সৰ জ্যেষ্ঠ উপাধ্যক্ষ ৰবি বিজয়ৰাঘৱনে এই বিষয়ে মন্তব্য কৰি কয় যে, “#ফ্লিপট্ৰেণ্ডছ এইচ১ ২০২৪ প্ৰতিবেদনে আমাৰ বিবিধ গ্ৰাহক আধাৰৰ বিকশিত পছন্দসমূহ প্ৰতিফলিত কৰিছে। ফেষ্টিভ ছিজন ওচৰ চাপি অহাৰ লগে লগে আমি শ্বপিং কৰাৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে মূল্য, সুবিধা আৰু উদ্ভাৱন প্ৰদান কৰাৰ ওপৰত আমাৰ অধিক গুৰুত্ব আৰোপ কৰিছোঁ।”