কাটাৰত সংঘটিত হৈছে প্ৰচণ্ড বিস্ফোৰণ ৷ এই বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে, মৃত্যুক সাৱটি লোৱা ১২ জনেই হৈছে ভাৰতীয় ৷ সাগৰৰ উপকূলীয় অঞ্চলত অৱস্থিত দেশ কাটাৰৰ শক্তি মন্ত্ৰী সাদ বিন শ্বেৰিদা আল-কাবীয়ে সোমবাৰে এই তথ্য সদৰী কৰে ৷
ডোহা নিউজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, কাটাৰএনাৰ্জিৰ মুৰব্বী আল-কাবীয়ে কয় যে দেওবাৰে সন্ধিয়া ৰাছ লাফান ঔদ্যোগিক চহৰৰ বাৰ্জান ঘৰুৱা গেছ যোগান প্ৰকল্পত এই বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ডত প্ৰায় ৬৬ জন লোক আহত হয় ।দূতাবাসে সকলোৰে সহায় হোৱাকৈ দুটাকৈ হেল্পলাইন নম্বৰ আৰু ই-মেইল আইডি মুকলি কৰিছে ৷ সেইসমূহ হৈছে – +৯৭৪-৫৫৬৪৭৫০২ অথবা +৯৭৫-৫৫৩৮৪৬৮৩ আৰু ই-মেইল আইডি : cons.doha@mea.gov.in ৷স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আহত ব্যক্তিসকল ভাৰত, কাটাৰ, তাঞ্জানিয়া, পাকিস্তান, গিনি, নেপাল, বাংলাদেশ, কেনিয়া আৰু নাইজেৰিয়াকে ধৰি কেইবাখনো দেশৰ লোক । ভাৰতীয় দূতাবাসে এই দুৰ্ভাগ্যজনক কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷ কিয়নো এই বিস্ফোৰণত দেশখনৰ বহু লোক আহত হোৱাৰ বিপৰীতে একাংশ বৰ্তমানে সন্ধানহীন ৷
