আঘোণ মাহ নহয় বনৰীয়া হাতীৰ অধিক উপদ্ৰৱৰ আশংকাত কাতি মাহৰ আধা দিন পাৰ হোৱাৰ পাছতেই গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ঠাইবিশেষে এইবেলি কিছু আগতীয়াকৈ ধান কাটিবলৈ সাজু হৈছে একাংশ কৃষক। অৱশ্যে যিসকল কৃষকে আগতীয়াকৈ আহাৰ মাহত শালি ধানৰ কঠীয়া ৰুই খেতি আৰম্ভ কৰিছিল সেই সকল কৃষকৰ ধান সমূহ পকিবলৈ ধৰা কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে আগতীয়াকৈ শালি ধানৰ খেতি আৰম্ভ কৰা কৃষকসকলে হাতীৰ অধিক উপদ্ৰৱৰ আশংকাত আঘোণ মাহলৈ আৰু কিছুদিন বাকী থকা অৱস্থাত ধান কটা পৰ্ব আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সোণগুটিৰে সোণোৱালী হৈ পৰা পথাৰত চহা কৃষক-দাৱনীৰ ব্যস্ততা পৰিলক্ষিত হৈছে । বনৰীয়া হাতীৰ উপদ্রবৰ বাবেও ৰাণীৰ বহু অঞ্চলত ধান ভালকৈ নপকতেই কৃষক ৰাইজে পথাৰত ধান কটিবলৈ বাধ্য হৈছে। সাধাৰণতে ৰাণী অঞ্চলত ধান খেতি চপোৱাৰ সময়ত হাতীৰ উপদ্ৰৱ নতুন কথা নহয় যদিও বহু কৃষকে আঘোণ মাহ আৰম্ভ নহওতেই আধা পকা ধান কাটিবলৈ বাধ্য হৈছে। এই সন্দৰ্ভত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ বাসিন্দা তথা ৰাণীৰ আন্ধেৰীজুলি অঞ্চলত শালি ধানৰ খেতি কৰি অহা আদৰ্শ কৃষক বলেশ্বৰ ৰংপী, বিক্ৰমপুৰৰ যুৱ কৃষক জোন ৰাভা, পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথ, মৈৰাপুৰৰ ৰমেশ দাসকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে সাধাৰণতে ৰাণীৰ খেতি পথাৰত আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতেই ধান কটা পৰ্ব আৰম্ভ হয়। এইবাৰ হাতীৰ উপদ্ৰৱৰ বাবে বাধ্যত পৰি কিছু আগতীয়াকৈ কাটিব লগা হৈছে । যাৰ বাবে পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত। গীত, নৃত্য, আনন্দ – উল্লাহৰ মাজত কাঁচীৰ কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোণৰ পথাৰ। হাতীৰ গছকত বহু ধান নষ্ট হৈ গৈছে যদিওঁ অৱশিষ্ট ধানখিনী যাতে ঘৰলৈ নিব পাৰি তাৰ বাবে আজিৰে পৰা বহু কৃষকে ধান কটা পৰ্ব আৰম্ভ কৰিছে। কৃষকে চাৰি – পাঁচ মাহ পূৰ্বে ৰদ – বৰষুণক নেওচিও কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই কৃষক ৰাইজ আনন্দিত হোৱা বুলি বলেশ্বৰ ৰংপী, আদৰ্শ ৰোৱনী হিচাপে পৰিচিত তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, পুৰাণ শুকুৰবৰীয়া আদৰ্শ কৃষক দীনেশ নাথকে ধৰি কৃষি – কৰ্মৰ লগত জড়িত একাংশ কৃষকে জানিবলৈ দিছে ।
