মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্তসকলক সকলো ধৰণৰ আইনী ব্যৱস্থাৰ পৰা প্ৰদান কৰা সম্পূৰ্ণ সুৰক্ষাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে উচচতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত বিচাৰপীঠে এই জাননী জাৰি কৰে।
সমাজকৰ্মী তথা অধিবক্তা অৰুণ কুমাৰ অৱালৰ আৱেদনৰ আধাৰত শুনানি গ্ৰহণ কৰি উচচতম ন্যায়ালয়ে জাৰি কৰে এই জাননী। মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অন্যান্য নিৰ্বাচনী আয়ুক্ত আইন, ২০২৩-ৰ ১৬ নম্বৰ ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছিল আৱেদনকাৰীয়ে।
আৱেদনখনত উল্লেখ কৰা অনুসৰি, এনে অনিয়ন্ত্ৰিত আইনী সুৰক্ষা নোহোৱাকৈয়ে ভাৰতীয় নিৰ্বাচন আয়োগে বিগত কেইবাটাও দশক ধৰি সফলতাৰে নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে কাৰ্যবাহীসকলক সম্পূৰ্ণ ৰেহাই নিদিয়াকৈয়ো আয়োগে নিজৰ দায়িত্ব কাৰ্যক্ষমভাৱে পালন কৰিব পাৰে।
অপ্ৰয়োজনীয় বা উদ্দেশ্যপ্ৰণোদিত আইনী জটিলতাৰ পৰা আয়ুক্তসকলক সুৰক্ষা দিয়াৰ বাবে বিকল্প আৰু কম বিধিনিষেধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি বুলি মত প্ৰকাশ কৰে আৱেদনকাৰীয়ে। ভুৱা অভিযোগৰ বিৰুদ্ধে নিৰ্দিষ্ট আইনী পৰীক্ষণৰ ব্যৱস্থা থকাটোৱেই যথেষ্ট বুলি উল্লেখ কৰি তেওঁ কয় যে আয়ুক্তসকলক এনে অনিয়ন্ত্ৰিত আইনী ৰেহাই প্ৰদান কৰাটো অত্যধিক আৰু নিৰ্বাচন আয়োগৰ স্বায়ত্ত্বশাসন ৰক্ষাৰ বাবে অপ্ৰয়োজনীয়।
