চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰভাৱ বিস্তাৰৰ অভিযোগৰ মাজতে পাঠশালাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ প্ৰৱঞ্চনাৰ ঘটনা। নিজকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ জ্যেষ্ঠ বিষয়া বুলি পৰিচয় দি অহা এজন যুৱকক আটক কৰাৰ পিছতে ভুৱা পৰিচয়, জাল নথি প্ৰস্তুত আৰু প্ৰতাৰণাৰ একাধিক অভিযোগ উত্থাপিত হৈছে।
অভিযুক্ত যুৱকজন পাঠশালাৰ হৰিপুৰৰ লক্ষ্মণ বৰুৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি কম্পিউটাৰৰ সহায়ত ভুৱা চিবিআই পৰিচয়পত্ৰ প্ৰস্তুত কৰি তেওঁ নিজকে তদন্তকাৰী বিষয়া হিচাপে পৰিচয় দি আহিছিল। লগতে বিভিন্ন চৰকাৰী বিভাগত নিজৰ প্ৰভাৱ থকাৰ দাবীও কৰিছিল।
প্ৰাথমিক তদন্তত শিক্ষা বিভাগ, অসম আৰক্ষী, নৱোদয় বিদ্যালয় আদি প্ৰতিষ্ঠানত চাকৰিৰ ব্যৱস্থা কৰি দিব পাৰিব বুলি অভিযুক্তই একাধিক লোকক আশ্বাস দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। তেওঁৰ মোবাইল ফোনৰ পৰা কেইবাখনো সন্দেহজনক নিযুক্তিপত্ৰ উদ্ধাৰ হোৱাৰ কথাও জানিব পৰা গৈছে।
উল্লেখ্য যে, বিষয়াসকলে তদন্তৰ সময়ত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বিভিন্ন উচ্চপদস্থ বিষয়াৰ জাল স্বাক্ষৰৰ নমুনা উদ্ধাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ উপৰিও পাটাছাৰকুছি ৰাজহ চক্ৰ বিষয়াৰ নামত ছপা কৰা এটা ছীল উদ্ধাৰ হোৱাৰ কথাও পোহৰলৈ আহিছে।
ইফালে, ৮০ হাজাৰ টকাত পিষ্টল ক্ৰয়ৰ উদ্দেশ্যে এটা অবৈধ অস্ত্ৰ চক্ৰৰ সৈতে অভিযুক্তই যোগাযোগ কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ চেষ্টা অব্যাহত ৰাখিছে।
ঘটনাটোৰ সূত্ৰপাত হয় এজনী মহিলাৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ পিছত। অভিযোগ অনুসৰি ইতিমধ্যে দুবাৰ বিবাহপাশত আবদ্ধ হোৱা লক্ষ্মণ বৰুৱাই তৃতীয়বাৰৰ বাবে বিবাহৰ প্ৰস্তুতি চলাই আছিল। এই অভিযোগৰ ভিত্তিত স্থানীয় লোক আৰু হিন্দু সংগঠনৰ সদস্যসকলে তেওঁক আটক কৰে।
তাৰ পিছতে পোহৰলৈ আহিবলৈ আৰম্ভ কৰে একাধিক প্ৰৱঞ্চনাৰ অভিযোগ। তদন্তকাৰীয়ে জানিবলৈ পোৱা মতে, অভিযুক্তই পাঠশালাত ‘সৃজন একাডেমী’ নামৰ এখন ব্যক্তিগত বিদ্যালয়ো পৰিচালনা কৰিছিল। বৰ্তমান বিদ্যালয়খন বন্ধ হৈ আছে।
অভিযুক্তৰ পৰা এখন চেকবুক আৰু ৫ লাখ টকাৰ এখন চেক উদ্ধাৰ কৰা হৈছে। বজৰং দলৰ সদস্যসকলে অভিযোগ কৰা মতে, ঘটনাস্থলীতে ৫ লাখ টকাৰ চেক আগবঢ়াই বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰিছিল তেওঁ।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পাঠশালা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে বিভিন্ন অভিযোগৰ সত্যতা পৰীক্ষা কৰাৰ লগতে ঘটনাটোৰ সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে।
