ইৱাই ইণ্ডিয়া আৰু হোম ইনছেক্ট কণ্ট্ৰল এছ’চিয়েচনে প্ৰকাশ কৰা এক যৌথ প্ৰতিবেদনত ঘৰুৱা কীটনাশক সামগ্ৰীৰ জিএছটি ১৮%ৰ পৰা ৫%লৈ হ্ৰাস কৰাৰ আহ্বান জনাইছে, কিয়নো এই পদক্ষেপ ব্যয়সাধ্যতা উন্নত কৰাৰ লগতে মহৰ দ্বাৰা সংক্ৰমিত ৰোগ যেনে মেলেৰিয়া, ডেংগু আৰু চিকুনগুনিয়া আদিৰ বিৰুদ্ধে ভাৰতৰ যুঁজ শক্তিশালী কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
“ঘৰুৱা কীটনাশকৰ বাবে জিএছটি ৰেচনেলাইজেচন: এ পাব্লিক হেল্থ ইম্পেৰেটিভ” শীৰ্ষক প্ৰতিবেদনখনত কোৱা হৈছে যে লিকুইড ভেপ’ৰাইজাৰ, কইল আৰু এৰ’ছলৰ দৰে সামগ্ৰীয়ে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাত অগ্ৰণী ভূমিকা পালন কৰে, বিশেষকৈ যিবোৰ অঞ্চলত ঘৰৰ ভিতৰত স্প্ৰে কৰা আৰু বেড নেটৰ দৰে বৃহৎ পৰিসৰে ব্যৱহাৰিক সীমাবদ্ধতাৰ সন্মুখীন হয়। কিন্তু বৰ্তমানৰ ১৮% জিএছটিৰ বাবে এই সামগ্ৰীসমূহ বিশেষকৈ কম আয়ৰ আৰু গ্ৰাম্য পৰিয়ালৰ বাবে তুলনামূলকভাৱে কম সুলভ কৰি তুলিছে।
প্ৰতিবেদন অনুসৰি, ঘৰুৱা কীটনাশকৰ চহৰত ব্যৱহাৰ-উপলব্ধতা ৯২%ৰ পৰা ৯৯%ৰ ভিতৰত যদিও গ্ৰামাঞ্চলত ব্যৱহাৰ ৬৪%ৰ পৰা ৭৩%ত আছে, যিয়ে ব্যয়সাধ্যতাৰ উদ্বেগক প্ৰতিফলিত কৰে। প্ৰতিবেদনত লগতে সকীয়াই দিয়া হৈছে যে, উচ্চ কৰ আৰোপে নিয়ন্ত্ৰিত সামগ্ৰী আৰু সস্তা অনিয়ন্ত্ৰিত বিকল্পৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছে, যাৰ ফলত গ্ৰাহকৰ সুৰক্ষাৰ বিপদ আৰু ৰাজহ চুৰি বা অপচায়ৰ সৃষ্টি হৈছে।
হাইকা-ৰ সচিব তথা সঞ্চালক জয়ন্ত দেশপাণ্ডেই কয় যে জিএছটি হ্ৰাস কৰিলে গুণগত মানদণ্ডৰ নিশ্চিত সামগ্ৰীৰ ব্যৱহাৰ-উপলব্ধতা বৃদ্ধি হ’ব আৰু বজাৰত অবৈধ অনিয়ন্ত্ৰিত সামগ্ৰী নিয়ন্ত্ৰণ কৰাত সহায় হ’ব। ইৱাই ইণ্ডিয়াৰ কৰ অংশীদাৰ বিপিন ছাপ্ৰাই কয় যে ৫% জিএছটিৰ হাৰে উচ্চ বিপদাশংকা থকা অঞ্চলসমূহত ভেক্টৰজনিত ৰোগৰ বিৰুদ্ধে শেষ মাইলপৰ্যন্ত সুৰক্ষা যথেষ্ট উন্নত কৰিব পাৰে।
সাধাৰণতে বাৰিষাৰ সময়ছোৱাত সমগ্ৰ অসম আৰু উত্তৰ-পূবত মহ সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যা বৃদ্ধিৰ ফলত ঘৰুৱা কীটনাশকৰ চাহিদা বৃদ্ধি পায়। ব্যৱসায়ীসকলে বিশ্বাস কৰে যে কম জিএছটি হাৰে অঞ্চলটোৰ মধ্য আৰু নিম্ন আয়ৰ পৰিয়ালৰ বাবে ব্ৰেণ্ডেড মহ প্ৰতিৰোধী আৰু কীটনাশক অধিক সুলভ কৰি তুলিব পাৰে, লগতে সংগঠিত প্ৰতিষ্ঠানসমূহক স্থানীয় বজাৰত বহুলভাৱে উপলব্ধ সস্তীয়া অনিয়ন্ত্ৰিত সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত সহায় কৰিব পাৰে।
