বয়সৰ ওচৰত নতি স্বীকাৰ নকৰি পুনৰ এক দৃষ্টান্ত স্থাপন কৰিলে এগৰাকী বৃদ্ধাই। ১১৬ বছৰ বয়সত তিৰুমালা মন্দিৰৰ ৩ সহস্ৰাধিক চিৰি বগাই ঈশ্বৰ দৰ্শনৰ বাবে উপস্থিত হয় লক্ষ্মাভা ওৰফে ভীমাব্বাই। ভগৱান ভেংকটেশ্বৰৰ দৰ্শনৰ বাবে মন্দিৰৰ ৩,৫৫০টা চিৰি বগাই যোৱাৰ ঘটনাই এতিয়া দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
কৰ্ণাটকৰ বাসিন্দা লক্ষ্মাভাই আলিপিৰি পথেদি খোজকাঢ়ি তিৰুমলালৈ যায়। লাঠিৰ সহায় লৈ সম্পূৰ্ণ পথ অতিক্ৰম কৰা বৃদ্ধাগৰাকীয়ে যাত্ৰাৰ সমগ্ৰ সময়ছোৱাত “গোবিন্দ… গোবিন্দ…” নাম জপ কৰি আগবাঢ়ে।
তিৰুমলালৈ যোৱা বহু ভক্তই সাধাৰণতে বাহনৰ সহায় লয়। কিন্তু শতায়ু অতিক্ৰম কৰা লক্ষ্মাভাই নিজেই খোজকাঢ়ি পাহাৰ বগাই যোৱাৰ দৃশ্যই উপস্থিত ভক্তসকলক বিস্মিত কৰি তোলে। বহু লোকে তেওঁক প্ৰণাম জনোৱাৰ লগতে তেওঁৰ অদম্য মানসিক শক্তি আৰু অটল ভক্তিভাৱৰ প্ৰশংসা কৰে।
বৃদ্ধাগৰাকীৰ যাত্ৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰাৰ পিছতে অসংখ্য লোকে তেওঁৰ দৃঢ় মনোবলক প্ৰেৰণাদায়ক বুলি মন্তব্য প্ৰকাশ কৰিছে। বয়স কেতিয়াও সংকল্প আৰু বিশ্বাসৰ অন্তৰায় হ’ব নোৱাৰে বুলিও বহুতে মত প্ৰকাশ কৰে।
