৬.১ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পত তচনচ ইণ্ডোনেচিয়া।
স্থানীয় সময় অনুসৰি পুৱা ৬.৫৫ বজাত ভূমিকম্পৰ তীব্ৰ জোকাৰণি।
১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ।

ইণ্ডোনেছিয়াৰ উত্তৰ চুলাৱেছি জিলাত এই প্ৰচণ্ড ভূমিকম্প।
পূৰ্বেও একে ঠাইতে ভূমিকম্পই চলাইছিল ধ্বংসলীলা।
২০২১ত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যু হৈছিল শতাধিক লোকৰ।

২০১৮ চনত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যু ঘটিছিল ২,২০০ৰো অধিক লোকৰ।
২০০৪ চনত ৯.১ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যু হৈছিল ১ লাখ ৭০ হাজাৰ লোকৰ।
আজিও এই ভূমিকম্পৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে প্ৰদেশখনত।

ধ্বংসস্তুপত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ আশংকা।