ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ চক্ৰ। এনে সময়তে সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰক লৈ সোমবাৰে বিধানসভাত এক গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে অসম চৰকাৰে। ড্ৰাগছ সৰবৰাহৰ অন্যতম কৰিডৰ হিচাপে পৰিগণিত এই জিলাখনত ২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৬ বৰ্ষৰ জুন মাহলৈ ২০.৫৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ২৫১টা এনডিপিএছ গোচৰ ৰুজু হৈছে।
কংগ্ৰেছ বিধায়ক মহম্মদ মহিবুৰ ৰহমানে উত্থাপন কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ২০২৩ চনত ৭১টা, ২০২৪ চনত ৫৩টা, ২০২৫ চনত ৭৬টা আৰু চলিত বৰ্ষৰ জুন মাহলৈ ৫১টা এনডিপিএছ গোচৰ পঞ্জীয়ন হৈছে দক্ষিণ শালমাৰা-মানকাচৰত।
চৰকাৰে সদৰী কৰা তথ্য অনুসৰি, এই সময়ছোৱাত ৩.৬১ কিলোগ্ৰাম হেৰ’ইন, ১৩১.২৪ কিলোগ্ৰাম গাঞ্জা, ২.৭৯ লাখ নিষিদ্ধ টেবলেট আৰু কেপচুল, ৩,৩৮৩ বটল কাহৰ ঔষধ আৰু ৬.৭৭ লাখ টকাৰ নগদ ধন জব্দ কৰা হৈছে। জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ আনুমানিক বজাৰ মূল্য ২০.৫৩ কোটি টকাতকৈ অধিক।
মুখ্যমন্ত্ৰীয়ে কয় যে, এনডিপিএছ আইন কঠোৰভাৱে ৰূপায়ণ কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি নিয়মীয়া তালাচী, জব্দ অভিযান আৰু গ্ৰেপ্তাৰ অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আন্তঃৰাজ্যিক আৰু ভাৰত-বাংলাদেশ সীমান্তত ড্ৰাগছ সৰবৰাহ ৰোধৰ বাবে অধিক নজৰদাৰী আৰু টহল চলোৱাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী আৰু অন্যান্য সংস্থাৰ সৈতে সমন্বয় সাধন কৰি যৌথ অভিযান চলাই থকা হৈছে।
তেওঁ কয় যে, ‘নিচা মুক্ত ভাৰত অভিযান’ৰ অধীনত বিদ্যালয়, মহাবিদ্যালয় আৰু স্থানীয় পৰ্যায়ত সজাগতামূলক কাৰ্যসূচীও অব্যাহত আছে। ২০২১ চনৰ ডিচেম্বৰত মুকলি কৰা ‘ড্ৰাগছ ফ্ৰী অসম’ এপত এতিয়ালৈ ৫৮৫টা অভিযোগ লাভ হৈছে। ইয়াৰ ভিত্তিত ১৬টা এনডিপিএছ গোচৰ ৰুজু কৰাৰ লগতে ৩০ জনক গ্ৰেপ্তাৰ আৰু ২.৯০ কোটি টকাতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে।
ইয়াৰ উপৰি, পিট-এনডিপিএছ আইনৰ অধীনত অভ্যাসগত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৬১টা নিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনডিপিএছ আইনৰ অধীনত ১৯.২৬ কোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰি ৰখা হৈছে বুলিও চৰকাৰে বিধানসভাত সদৰী কৰে।
