ব্যতিক্রম মাচডো (Bytikram MASDO) আৰু বাংলাদেশ সহকাৰী উচ্চাযুক্ত, গুৱাহাটী যৌথ উদ্যোগত সফল ভারে অনুষ্ঠিত হ’ল ড° ৰীতা চৌধুৰী বাংলাদেশৰ মুক্তি যুদ্ধৰ উপৰত লিখা উপন্যাস “Zero Hour “-ব আলাপ আলোচনা চক্র। এই অনুষ্ঠানটো অনুষ্ঠিত হয় হোটেল লেন্ডমার্কত, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কিতাপ খনৰ লেখক তথা সাহিত্য একাডেমি বঁটা বিজয়ী ড° ৰীতা চৌধুৰী, গুৱাহাটীত বাংলাদেশৰ সহকাৰী উচ্চজ্জযুক্ত বহুল আমিন আৰু তেওঁৰ সহধর্মিনী ড” নবনীতা হ’ক, সাহিত্য অকাডেমি বঁটা বিজয়ী ড”উষাৰঞ্জন ভট্টাচার্য, কবি তথা সাংবাদিক বিকাশ চৰকাৰ, কবি শড়শুভ দেববর্মন, লগতে ব্যতিক্রম মাসডোৰ সভাপতি ড° সৌমেন ভাৰতীয়া প্রমুখ।
পোনপ্রথমে বস্তি প্রজ্জ্বলন কৰি অনুষ্ঠানৰ শোভাৰম্ভ কৰি সাহিত্য একাডেমি বঁটা বিজয়ী ড° উষাৰঞ্জন ভট্টাচার্যই উপন্যাস খনৰ সন্দর্ভত কয় যে, “এই কিতাপখনে আমাক বহু কথা শিকার, বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা কি আছিল আৰু কেনেকৈ বাংলাদেশক সহায় কৰিছিল সেইবোৰ বিৰল ভাবে বাখ্যা কৰা আছে।” কবি তথা সাংবাদিক বিকাশ চৰকাৰে কয় যে, “প্রথমবাৰৰ বাবে বাংলাদেশৰ এটা গুরুত্বপূর্ণ বিষয়ৰ উপৰত অসমীয়া লেখিকা এগৰাকীকে ইমান সুক্ষ্ম বিশ্লেষণ কৰিছে মোৰ ফালৰ পৰা বাইদেউলে শুভেচ্ছা থাকিল।” আলাপ আলোচনা মাজতে কিতাপ খনৰ লেখক ড° ৰীতা চৌধুৰীয়ে কয় যে, “কিতাপখনৰ প্রতিটো পৃষ্ঠাতে মোৰ পৰিপক্ক। নেভাবলেও’ এখন বাংলা উপন্যাস য’ত নিহিত হৈ আছে ৰহস্য, লুকাই থকা সত্য আৰু সাধাৰণ জীৱনৰ বাহিৰৰ এক অন্য মুখ। পৰম্পৰাত ওৰণি লোৱা এটা সম্প্ৰদায়ৰ ভিতৰত উপন্যাসখনে প্রতিটো সূত্রই নিজৰ নিজৰ আকাংক্ষা, অভিযোজন ক্ষমতা আৰু মুক্তিৰ কাহিনী কঢ়িয়াই লৈ ফুৰে। বর্তমান মোৰ এই উপন্যাস “Zero Hour ” এটা খণ্ড আগবঢ়াই দিছোঁ মই চেষ্টা কৰিম ইয়াৰ দ্বিতীয় আৰু তৃতীয় খণ্ড অতি সোনকালেই আপোলোকৰ মাজলৈ আগবঢ়াম।” অনুষ্ঠানটিত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা অহা ছাত্র-ছাত্রীক সকল আৰু পাঠক সকলে আলোচনা চক্রটোত ভাগ লয় আৰু তেওঁলোকৰ মতামত আগবঢ়াই।
ব্যতিক্রম মাচডোৰ(Bytikram MASDO) পৃষ্ঠাপোষক ড° সৌমেন ভাৰতীয়াই কয় যে, “এনে এখন অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মই নিজকে ভাগ্যমন্ত অনুভর কৰিছোঁ। আমি সদায় চেষ্টা কৰো যে বাংলাদেশ আৰু অসমৰ মাজত সম্পর্কটো ভালে থাকক আৰু উপন্যাসখনৰ যোগেদি এই সম্পর্কটো বিশেষ ভূমিকা ল’ব বুলি আমি আশাবাদী। লগতে ৰীতা চৌধুৰীলৈ শুভকামনা থাকিল তেঁওৰ এই কিতাপ খনৰ পাঠক সমাজে আকোৱালি ল’ব।” অনুষ্ঠানত উপস্থিত আছিল কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্রধান অধ্যাপক প্রফেচৰ দেৱজনি দে, প্রাগজ্যোতিষ মহাবিদ্যালয় ইংৰাজী বিভাগৰ অধ্যাপক ড° অভিজিত কুমাৰ দত্ত, শিল্পী চম্পক বৰবৰা, ড° প্রসূন বর্মন, দেবযানী সেনগুপ্ত, সন্দীপ সাহা, কমলকলি দাস, আবৃত্তিকাৰ গৌতম ভট্টাচার্য লিখক বিদ্যুৎ চক্রবর্তী, সঞ্জয় চক্রবর্তী প্রমুখ।