ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী এখন চলন্ত বিমানত হঠাতে অসুস্থ হৈ পৰা নৱজাতক শিশুক চিকিৎসা কৰি সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰা ডিগবৈৰ চিকিৎসক ডাঃ ৰাজশ্ৰী দাসৰ মহানুভৱতাই এতিয়া চর্চা লাভ কৰিছে। ডিগবৈৰ বালিজান নিবাসী অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া গোপাল চন্দ্ৰ দাসৰ কন্যা ডাঃ ৰাজশ্ৰী দাস বৰ্তমান বি বৰুৱা কেন্সাৰ চিকিৎসালয়ৰ সহকাৰী অধ্যাপিকাৰূপে কৰ্মৰত।
ডাঃ ৰাজশ্ৰীয়ে যোৱা ১৮ মে’ৰ পুৱা ৯ বজাত ডিব্ৰুগড় বিমান বন্দৰৰ পৰা গুৱাহাটী হৈ দিল্লীলৈ ৬২০৩ নম্বৰৰ ইণ্ডিগ’ বিমানখন উৰা মৰাৰ পিচতে বিমানখনত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। বিমানখনত পিতৃ-মাতৃৰ সৈতে এটি নৱজাতক শিশুৱে যাত্ৰী হিচাপে যাত্ৰা কৰিছিল। যাত্ৰাৰ কিছু সময়ৰ পিচতে শিশুটিৰ উশাহ-নিশাহত অসুবিধাৰ লগতে ৰক্তচাপজনিত কাৰণত স্বাস্থ্যৰ অৱনতি ঘটে।
ইয়াৰ লগে লগে যাত্রীবাহী বিমানখনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনৰ ক্ৰু কেবিনৰ কৰ্মচাৰীসকলে শিশুটিক স্বাস্থ্য সেৱা আগবঢ়াবলৈ কোনো চিকিৎসক যাত্রী হিচাপে যদি আছে সহায় কৰিবলৈ ঘোষণা কৰে। লগে লগে শিশু চিকিৎসক নোহোৱা সত্ত্বেও ৰাজশ্ৰীয়ে শিশুটিক চিকিৎসা কৰিবলৈ আগবাঢ়ি গ’ল।
ডাঃ ৰাজশ্ৰীৰ চিকিৎসা লাভ কৰি কিছু সুস্থিৰ হয় শিশুটি। গুৱাহাটী বিমান বন্দৰত শিশুটিসহ পৰিয়ালটো অৱতৰণ কৰে। ৰাজশ্ৰী দাসক বিমান কর্তৃপক্ষ, শিশুটিৰ পিতৃ-মাতৃৰ লগতে আন যাত্রীসকলে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজশ্ৰীৰ দায়িত্ববোধ আৰু কৰ্তব্যনিষ্ঠাক ডিগবৈবাসীয়ে শলাগ লৈছে।
