ন্যায়পালিকাক বদনাম কৰিবলৈ অনলাইনত চলি থকা বিভিন্ন বিতৰ্কিত চৰ্চাক লৈ কোনেও অতিমাত্ৰা স্পৰ্শকাতৰ বা আবেগিক হোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে সোমবাৰে এক গোচৰৰ শুনানিত ভাগ লৈ এই গুৰুত্বপূৰ্ণ স্থিতি স্পষ্ট কৰে। পূৰ্বৰ এক শুনানিত আদালতৰ মজিয়াত কৰা ‘ককৰোচ’ মন্তব্যক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত সৃষ্টি হোৱা বিকৃত ধাৰণাৰ বিৰুদ্ধে দাখিল কৰা একাধিক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ জৰুৰী শুনানিৰ দাবী আজি সম্পূৰ্ণভাৱে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি এম পাঞ্চোলীৰ তিনিজনীয়া বিচাৰপীঠে এই বিষয়ত কোনো জৰুৰী পৰিস্থিতি নাই বুলি উল্লেখ কৰি নিয়মীয়া প্ৰক্ৰিয়াৰ অধীনতহে পাছত ইয়াক পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখ কৰিব পাৰি যে, যোৱা ১৫ মে’ত ভুৱা আইনৰ ডিগ্ৰী সংক্ৰান্তীয় এক গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে ব্যৱস্থাটোক আক্ৰমণ কৰা একাংশ ভুৱা সমাজকৰ্মীক ‘পঁইতাচোৰা’ আৰু ‘পৰজীৱী’ৰ সৈতে তুলনা কৰিছিল। এই মন্তব্যৰ পিছতেই ইণ্টাৰনেটত ব্যংগাত্মকভাৱে ‘ককৰোচ জনতা পাৰ্টী’ নামৰ এক ডিজিটেল অভিযান গঢ়ি উঠি ভাইৰেল হৈ পৰে। যদিও ১৬ মে’ত মুখ্য ন্যায়াধীশে এক স্পষ্টীকৰণ যোগে তেওঁৰ লক্ষ্য নিবনুৱা যুৱক-যুৱতীসকল নহয় বৰঞ্চ ভুৱা ডিগ্ৰীধাৰী একাংশ লোকহে আছিল বুলি স্পষ্ট কৰে, তথাপিও আদালতক অপমান কৰাৰ অভিযোগ তুলি অধিবক্তা এন কে গোস্বামী আৰু ৰাজা চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। আবেদনকাৰীয়ে আদালতৰ মৌখিক মন্তব্যসমূহক ছ’চিয়েল মিডিয়াত ব্যৱহাৰ কৰি ট্ৰোল কৰা কাৰ্যৰ বিৰুদ্ধে চৰকাৰী তদন্তৰ দাবী উত্থাপন কৰে।
আজি আদালতৰ মজিয়াত যেতিয়া আবেদনকাৰী অধিবক্তাগৰাকীয়ে ন্যায়পালিকাৰ ভাৱমূৰ্তি নষ্ট কৰাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ চলি থকা বুলি যুক্তি দৰ্শায়, তেতিয়া বিচাৰপীঠে ইয়াক গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। মুক্ত গণতান্ত্ৰিক সমাজ এখনত ব্যংগ বা সমালোচনা চলি থাকিব পাৰে বুলি উল্লেখ কৰি আদালতে কয় যে এইবোৰ বিষয়ত কোনেও ইমান আবেগিক হৈ পৰাটো উচিত নহয়। এই মন্তব্যৰে উচ্চতম ন্যায়ালয়ে আবেদনখনৰ জৰুৰী শুনানি নাকচ কৰে।
