উত্তৰ আমেৰিকাত ২০২৬ চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীসকলৰ মাজত যি তীব্ৰ উন্মাদনাৰ সৃষ্টি হৈছে, তাৰ মাজতে মেদান্তা– দ্য মেডিচিটীৰ বিশেষজ্ঞসকলে যুৱ ফুটবল খেলুৱৈ আৰু পৰিয়ালবৰ্গক ক্ৰীড়া সংক্ৰান্তীয় প্ৰতিৰোধযোগ্য আঘাত, বিশেষকৈ এচিএল চিঙি যোৱাৰ বৰ্ধিত আশংকাৰ বিষয়ে সতৰ্ক কৰি দিছে।
মেদান্তা গুৰুগ্ৰামৰ অৰ্থপেডিক্স বিভাগৰ উপাধ্যক্ষ ডাঃ আতিক বাসদেৱে কয় যে ফুটবল খেলুৱৈসকলক প্ৰভাৱিত কৰা আঁঠুৰ আটাইতকৈ গুৰুতৰ আঘাতসমূহৰ মাজত এচিএল অন্যতম, যাৰ বাবে প্ৰায়ে কেইবামাহো ধৰি চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ প্ৰয়োজন হয়। তেওঁ সহজ ভাষাত ব্যাখ্যা কৰি কয় যে খেলৰ সময়ত হঠাতে দিশ পৰিৱৰ্তন কৰিলে, মাটিত অস্বাভাৱিকভাৱে ভৰি দিলে বা জোৰকৈ আগুৱাব বা নিয়ন্ত্ৰণ কৰিব বিচাৰিলে এই লিগামেণ্ট চিঙি যাব পাৰে। ইয়াৰ লক্ষণসমূহৰ ভিতৰত আঁঠু ফুলি উঠা, তীব্ৰ বিষ হোৱা আৰু ভৰিৰ ওপৰত ভৰ দি থিয় হ’বলৈ কষ্ট পোৱা আদি অন্যতম।
ডাঃ বাসদেৱৰ মতে, ভাৰতত ক্ৰীড়া সংক্ৰান্তীয় আঁঠুৰ আঘাতৰ প্ৰায় এক-তৃতীয়াংশ কেৱল ফুটবল খেলৰ বাবেই হয়। তেওঁ উল্লেখ কৰে যে আঘাত ধৰা পেলোৱাত পলম হ’লে প্ৰায়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটে, কাৰণ খেলুৱৈসকলে প্ৰায়ে প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ কৰে। ইয়াৰ ফলত আঁঠুৰ মেনিস্কাছ চিঙি যোৱাৰ দৰে অতিৰিক্ত জটিলতাই দেখা দিয়ে। তেওঁ লগতে কয় যে বহুতো এচিএল আঘাত আন খেলুৱৈৰ সৈতে কোনো সংস্পৰ্শ অবিহনেই ঘটে, যিবোৰ খেলৰ সময়ত এটা সাধাৰণ অৱাসধানতা বা ভুলকৈ ভৰি দিয়াৰ ফলত হয়।
এই বিশেষজ্ঞগৰাকীয়ে জোৰ দি কয় যে, এক সুনিৰ্দিষ্ট ৱাৰ্ম-আপ কাৰ্যসূচী, শক্তি বৃদ্ধিৰ প্ৰশিক্ষণ, ভাৰসাম্য ৰক্ষাৰ ব্যায়াম আৰু মাটিত সঠিকভাৱে ভৰি দিয়াৰ কৌশলে এচিএল আঘাতৰ আশংকা লক্ষণীয়ভাৱে হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰি তেওঁ ক্ৰীড়া চিকিৎসা, ফিজিঅ’থেৰাপী আৰু কম ইনভেছিভ অস্ত্ৰোপচাৰৰ ক্ৰমাগত অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে, যিয়ে খেলুৱৈসকলৰ আৰোগ্য লাভৰ প্ৰক্ৰিয়াক যথেষ্ট উন্নত কৰি তুলিছে।
গুৱাহাটী মহানগৰীত স্কুলীয়া প্ৰতিযোগিতা, জিলা লীগ আৰু বৰদলৈ ট্ৰফীৰ দৰে পৰম্পৰাগত প্ৰতিযোগিতাসমূহৰ জৰিয়তে ফুটবলৰ জনপ্ৰিয়তা অতি শক্তিশালী হৈ আছে। স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই অঞ্চলৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক্ৰীড়া সংস্কৃতিয়েই হৈছে যুৱ খেলুৱৈসকলৰ মাজত আঘাত সম্পৰ্কীয় সজাগতা, ফিটনেছ প্ৰশিক্ষণ আৰু সময়মতে চিকিৎসা প্ৰদানৰ বাবে এক উপযুক্ত সুযোগ।
উল্লেখ্য যে, অহা ২০ জুনত গুৱাহাটীৰ ছান ভেলী হাস্পতালত ডাঃ বাসদেৱে ৰোগীসকলক পৰামৰ্শ আগবঢ়াব। ইয়াৰ সমান্তৰালকৈ মেদান্তাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিশেষজ্ঞ চিকিৎসা সেৱা অধিক সহজলভ্য কৰি তুলিবলৈ এটা বিশেষ হেল্পলাইন নম্বৰো মুকলি কৰিছে।
