সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ চামতাৰ বাসগৃহত মঙলবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ শোকসন্তপ্ত পিতৃ-মাতৃক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনায়।
আছু পৰিয়ালৰ এই অপূৰণীয় ক্ষতিৰ প্ৰসংগ উত্থাপন কৰি ড০ ভট্টাচাৰ্যই কয়, “আছু কৰা প্ৰতিজন সদস্যৰ দুখনকৈ ঘৰ থাকে। এখন নিজৰ পৰিয়াল থকা, আনখন আছুৰ পৰিয়াল। আছুৰ সকলো সদস্য একেখন ঘৰৰেই সদস্য। মাধুৰ্য বৰ্মন হেৰাই যোৱাটো আছুৰ পৰিয়ালৰ সদস্য হেৰাই যোৱা। এজন ছাত্রনেতাক নৃশংসভাৱে হত্যা কৰিছে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে ২৪ ঘণ্টা নৌহওঁতেই হত্যাকাৰীক এনকাউণ্টাৰ কৰিছে। এয়া মাথোঁ এটি সাময়িক সকাহ।”
ভৱিষ্যতে এনে জঘন্য ঘটনা প্ৰতিৰোধ কৰাৰ বাবে প্ৰশাসনিক আৰু সামাজিক সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, “আগন্তুক সময়ত পুনৰ যাতে কোনেও নিৰাপত্তাহীনতাত ভুগিব নালাগে, অসমৰ ৰাইজে অতৰ্কিতে সু-নিৰাপত্তা পায়, তেনে ব্যৱস্থা গঢ়ি তুলিব লাগিব। ৰাইজো সজাগ হ’ব লাগিব। ভায়েকে-ভনীয়েক একেলগে ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত অসমত নিৰাপত্তা নিশ্চিত কৰিব লাগিব আৰু অপৰাধীয়ে ভয় খাব পৰা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগিব। যিখন আইন প্ৰণয়ন হ’লে কোনো অপৰাধীয়ে অপৰাধ কৰাৰ আগত ভয় কৰিব লাগিব। তেনে ব্যৱস্থা চৰকাৰে আনিব লাগিব।”
ইফালে, আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা অভিযুক্ত হত্যাকাৰী ৰ’জ আলীৰ জানাজা সম্পন্ন নকৰিবলৈ স্থানীয় সমাজখনে গ্ৰহণ কৰা পদক্ষেপক তেওঁ আদৰণি জনায়। সমাজৰ এনে কাৰ্যপন্থাক প্ৰশংসা কৰি ভট্টাচাৰ্যই কয়, “সমাজ ধৰি ৰাখিবলৈ সমাজেও ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। হত্যাকাৰী ৰ’জ আলীৰ জানাজা নকৰাৰ ৬ খন গাঁৱৰ সিদ্ধান্ত ইতিবাচক।”
উল্লেখ্য যে, যোৱা দেওবাৰে সন্ধিয়া নলবাৰীৰ গংগাপুৰত ৰ’জ আলী নামৰ দুৰ্বৃত্তটোৱে দুই ভাতৃ-ভগ্নীক ইটা আৰু চোকা অস্ত্ৰৰে নৃশংসভাৱে আক্ৰমণ কৰিছিল। এই ভয়ংকৰ আক্ৰমণৰ ফলত থিতাতে নিহত হৈছিল আছু নেতা মাধুৰ্য বৰ্মন। আনহাতে তেওঁৰ ভগ্নী বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰে যুঁজি আছে। ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ গুলীত নিহত হয় মূল অভিযুক্ত ৰ’জ আলী। এই ঘটনাৰ পিছতে উত্তেজিত ৰাইজে হত্যাকাৰীৰ পৰিয়ালটোকো সম্পূৰ্ণৰূপে এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
