দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দেশবাসীক ‘মিতব্যয়ী ব্যয়’ৰ এক আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে সপ্তাহত দুদিনকৈ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘ৱৰ্ক ফ্ৰম হোম’ৰ নিৰ্দেশ জাৰি কৰিছে দিল্লী চৰকাৰে। একে সময়তে, চৰকাৰী কাৰ্যালয়ত হোৱা ইন্ধনৰ খৰচ কৰ্তন কৰিবলৈ বৈঠকৰ ৫০ শতাংশ এতিয়াৰে পৰা অনলাইনযোগে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে।
ইফালে, যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে দিল্লী চৰকাৰ আৰু দিল্লী পৌৰ নিগমে কাৰ্যালয়ৰ সময়সূচীৰো পৰিৱৰ্তন ঘটাইছে। ইয়াৰ উপৰিও নাগৰিকসকলক ইন্ধন সঞ্চয়ৰ প্ৰতি উৎসাহিত কৰিবলৈ চৰকাৰে এক বিশেষ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। বিষয়াৰ বাবে আবণ্টিত পেট্ৰ’লৰ মাহিলী সীমা চৰকাৰে ২০ শতাংশ কৰ্তন কৰিছে।
চৰকাৰী জাননী অনুসৰি আগন্তুক ছয় মাহলৈ দিল্লী চৰকাৰে কোনো নতুন বাহন ক্ৰয় নকৰে। ইন্ধন সংৰক্ষণৰ স্বাৰ্থতে বিষয়াৰ মাহিলী ২০০ লিটাৰ পেট্ৰ’লৰ সীমা এতিয়াৰে পৰা হ্ৰাস পাব। ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে দিল্লী চৰকাৰে ‘মেট্ৰ’ ডে’ পালন কৰাৰ লগতে জনসাধাৰণক সপ্তাহত এদিন ‘নো কাৰ ডে’ পালন কৰিবলৈ আহ্বান জনাইছে।
চৰকাৰী কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে ২৯ টা চৰকাৰী কলনীত ৫৮ খন বিশেষ বাছ চলাচলৰ ব্যৱস্থা কৰিছে চৰকাৰে। অপ্ৰয়োজনীয় ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি দেশৰ অৰ্থনীতিক সুৰক্ষা দিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পাছতে দিল্লী চৰকাৰে এই তৎপৰতা প্ৰদৰ্শন কৰে। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ ওপৰত পৰা চাপ লাঘৱ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্তসমূহ বৃহস্পতিবাৰে ঘোষণা কৰে ৰেখা গুপ্তাৰ চৰকাৰে।
